NORTHEAST NOW (Assamese)
Popular Stories

ছাত্ৰ-ছাত্ৰীৰ পিজি, হোষ্টেলৰ লগতে ভাড়াঘৰৰ মালিকলৈ বিশেষ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 26, 2020 3:41 pm
94355452_10157511895548983_6137327993321684992_o

ল’কডাউনৰ ফলত মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰ-ছাত্ৰীৰ পিজি, হোষ্টেলৰ স্বত্বাধিকাৰীৰ প্ৰতি এক বিশেষ অনুৰোধ জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি NHM ৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি ছাত্ৰ-ছাত্ৰী থকা পি জি আৰু হোষ্টেলৰ স্বত্বাধিকাৰীলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে কয় ‘যিসকল ছাত্ৰ-ছাত্ৰী পি.জি. বা হোষ্টেলত আছে, তেওঁলোকৰ অভিভাৱকসকল বৰ্তমান অৰ্থনৈতিক সংকটত ভুগিছে। কেৱল তেওঁলোকেই নহয়, সকলো বৰ্তমান অৰ্থনৈতিক সংকটত ভুগিছে। গতিকে স্বত্বাধিকাৰীসকললৈ অনুৰোধ যাতে এপ্ৰিল মাহৰ ভাৰাটো তেওঁলোকে ৫০ শতাংশ ৰেহাই দিয়ে।‘

ইয়াৰোপৰি যিবিলাক ভাড়াঘৰত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল থাকে সেই ভাড়াঘৰৰ মালিকসমূহকো কিছু শতাংশ ৰেহাই দিবলৈ মন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে দিবলৈ আহ্বান জনায়। কিয়নো ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকল দৰমহা লাভৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে।

হিমন্তই লগতে কয় ‘এই সময়ছোৱাত আমি ইজনে সিজনৰ আশ্ৰয়দাতা হ’ব লাগিব। মানৱীয় দৃষ্টিভংগীৰে বিষয়টো চাবলৈ সকলো মালিকক অনুৰোধ জনালো।‘

অৱশ্যে, চৰকাৰে এই সন্দৰ্ভত নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বা মালিকসকলৈ নিৰ্দেশনা দিয়া নাই বুলি মন্ত্ৰীগৰাকীয়ে কয়।

আনহাতে, চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ বাবে এই ৰেহাই নিদিবৰ বাবেও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত আহ্বান জনায় ভাড়াঘৰৰ মালিকসকলক।