NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ ভূটানখুটিত এছ এছ বি আৰু এন জি অ’ৰ যৌথ অভিযানত দুটা হৰিণা পোৱালি উদ্ধাৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 26, 2020 3:57 pm
IMG-20200426-WA0059

বাক্সা জিলাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভূটানখুটি আৰু মইনাগুৰি গাঁৱত দুটা হৰিণা পোৱালি উদ্ধাৰ হয়। এছ এছ বি আৰু মানাহ চৌচি খুংগুৰ ইকো টুৰিজিম ছ’চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনে যৌথভাৱে উদ্ধাৰ কৰে এই হৰিণাৰ পোৱালি দুটা।

স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি বিজয় চৌধুৰীয়ে জানিবলৈ দিয়া মতে এই হৰিণাৰ পোৱালি দুটা মইনাগুৰি আৰু ভূটানখুটি গাঁৱত মানুহৰ ঘৰত আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰে।

পিছত এছ এছ বিৰ ২৭ নং কোম্পানিৰ ভূটানখুটিৰ পৰিদৰ্শক সনজিৎ চমজদাৰ আৰু পৰিদৰ্শক চন্দুকেশ য়াদবৰ নেতৃত্বত যোৱা এছ এছ বিৰ দল এটাই স্বেচ্ছাসেৱী সংগঠনটোৰ সহায়ত হৰিণাৰ পোৱালি দুটা উদ্ধাৰ কৰে।

পোৱালি দুটাৰ বয়স ২০ ৰ পৰা ২৫ দিন হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

এই হৰিণাৰ পোৱালি দুটাক বৰপেটা জিলাৰ হাউলিস্থিত এছ এছ বিৰ কেম্পত এছ এছ বি আৰু এন জি অ’ৰ নিৰীক্ষণত ৰখাৰ কথা উল্লেখ কৰে বিজয় চৌধুৰীয়ে।