NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না বিৰুদ্ধে যুঁজিবলৈ ৰেম্প এৰি চিকিৎসা বৃত্তিলৈ উভতিল ব্ৰেইন এণ্ড বিউটী কুইন ‘মিছ ইংলেণ্ড’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2020 4:03 pm
2020_4$largeimg_224963778

ক’ৰ’না বিৰুদ্ধে যুঁজিবলৈ ৰেম্প এৰি চিকিৎসা বৃত্তিলৈ উভতি আহিছে ব্ৰেইন এণ্ড বিউটী কুইন খ্যাত ‘মিছ ইংলেণ্ড’ গৰাকীয়ে।

ভাষা মুখাৰ্জী, ২৪ বছৰীয়া মিছ ইংলেণ্ড মুকুটধাৰিণী সুন্দৰী যুৱতী।

যোৱাবাৰৰ বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰো অন্যতম প্ৰতিদ্বন্দ্বী।

এই সুন্দৰী যুৱতীগৰাকীয়ে ৰেম্প এৰি এতিয়া ব্যস্ত আছে ক’ৰ’নাৰ বিৰোধী যুঁজত।

হয় ভাষা মুখাৰ্জীয়ে ৰেম্প এৰি এতিয়া চিকিৎক বৃত্তিলৈ পুনৰ উভতি আহি ক’ৰ’না বিৰুদ্ধে যুঁজ দি আছে।

 

‘সেৱাৰ কৰাৰ ইয়াতকৈ ভাল সময় আৰু নাই। মই আশা কৰো মোৰ দলটোৰ সৈতে বহু মানুহৰ জীৱন ৰক্ষা কৰিব পাৰিম।’ দ্য চান নামৰ বৃটেইনৰ ৱেব প’ৰ্টেলখনক ভাষা মুখাৰ্জীয়ে এইদৰে কয়।

উল্লেখ্য যে, সৌন্দৰ্য চৰ্চাৰ বাবে পেচাত চিকিৎসক ভাষা মুখাৰ্জীয়ে তেওঁৰ চিকিৎসা বৃত্তি পৰা অব্যাহতি লৈছিল। আৰু যোৱাবাৰ মিছ ইংলেণ্ডৰ খিতাপ দখল কৰাৰ লগতে বিশ্ব সুন্দৰী প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল তেওঁ।

ক’ৰ’না সংক্ৰমণ আৰম্ভণিৰ সময়তে ভাৰত ভ্ৰমণলৈ অহা সুন্দৰী গৰাকীয়ে যোৱা বৃহস্পতিবাৰৰ পৰা পুনৰ চিকিৎসা বৃত্তিলৈ উভতি আহি কয়, ‘উভতি আহি মই বৰ উদ্বিগ্ন হৈ পৰিছো। এই ভাইৰাছবিধ অতি মাৰাত্মক।’

‘কিছুমাহ ধৰি মই মোৰ জীৱনৰ কিবা এটা হেৰুৱাইছিলো। আৰু সেয়ে এতিয়া মই এন এইচ এচত।’ পূৰ্বে চিকিৎসক হিচাপে নিয়োজিত থকা এন এইচ এচ হাস্পতালৈ উভতি যোৱাৰ পিছত এইদৰে কয় সুন্দৰীগৰাকীয়ে।

‘মিছ ইংলেণ্ড খিতাপ অধিকাৰিণী হোৱাৰ বাবে মই ভ্ৰমণ আৰু দাতব্য কাম কৰিবলৈ পচন্দ কৰিলেও এগৰাকী চিকিৎসক হিচাপে মই প্ৰশিক্ষণ লৈছিলো যে ইয়াৰ বাবেই মোৰ জন্ম হৈছিল।’ সুন্দৰী ভাষা মুখাৰ্জীয়ে কয়।

ভাষা মুৰ্খাজীয়ে বৰ্তমান নিজৰ গৃহ চহৰত ক’ৰ’নাক্ৰান্ত ৰোগীৰ চিকিৎসা ব্যস্ত আছে।