NORTHEAST NOW (Assamese)
দেশ

আদানী গ্ৰুপৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2023 3:20 pm
Adani Group

দেশৰ ধনাঢ্য ব্যক্তি গৌতম আদানীৰ আদানী গ্ৰুপৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে আদানী গ্ৰুপৰ লগতে এছাৰ গ্ৰুপকে ধৰি কেইবাটাও কোম্পানীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে।

নথি-পত্ৰত আমদানিকৃত কয়লাৰ ব্যয় বৃদ্ধি দেখুওৱা বুলি আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মঙলবাৰে চিবিআই আৰু ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেঞ্চক তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

আদানী গ্ৰুপৰ বাহিৰেও এছাৰ গ্ৰুপকে ধৰি আন কিছুমান কোম্পানীৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন হৈছে। সেই কোম্পানীসমূহৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, এক ব্ৰিটিছ সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পিছতে এই সন্দৰ্ভত বিতৰ্কৰ আৰম্ভণি হৈছিল। এই প্ৰতিবেদনত আদানী গোটে বিদেশৰ পৰা বজাৰ মূল্যৰ দুগুণ মূল্যত ৫ বিলিয়ন ডলাৰৰ কয়লা আমদানি কৰা বুলি দাবী কৰা হৈছিল।

আদানী গোটে আমদানিকৃত কয়লাৰ খৰচ নথি-পত্ৰসমূহত বৃদ্ধি কৰি দেখুওৱা বুলি দাবী কৰা হৈছিল। আদানী গ্ৰুপৰ এই কয়লাৰ দামৰ ওপৰত ভিত্তি কৰি বিদ্যুতৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে বুলি দাবী কৰা হৈছিল।

অৰ্থাৎ অভিযোগ অনুসৰি, আদানী গোটৰ দুৰ্নীতিৰ পৰিণতি সাধাৰণ নাগৰিকে ভোগ কৰিব লগা হৈছে। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা চাঞ্চল্যৰ সৃষ্টি হয় দেশত।

এই অভিযোগ সন্দৰ্ভত অধিবক্তা প্ৰশান্ত ভূষণে প্ৰতিনিধিত্ব কৰা চেণ্টাৰ ফৰ পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যনে দাখিল কৰে দুখনকৈ জনস্বাৰ্থজড়িত আবেদন। লগতে সমাজকৰ্মী হৰ্ষ মন্দৰে দাখিল কৰে আন এক আবেদন।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশ দিছে। বিচাৰপীঠে অভিযোগ সন্দৰ্ভত নিখুঁত আৰু ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দি অভিযোগ প্ৰমাণিত হ’লে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।