NORTHEAST NOW (Assamese)
অসম

গৰ্ভৱতী অৱস্থাত মহিলাই আচাৰ খোৱাটো উচিতনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2019 2:06 pm
275269628-H-1024x700

গৰ্ভৱতী অৱস্থাত মহিলাসকলৰ শৰীৰত কিছুমান হৰমোনজনিত পৰিৱৰ্তন ঘটে আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে তেওঁৰ খোৱা লোৱাৰ লগতে মানসিকতাতো পৰে।

সাধাৰণতে মহিলাসকলৰ এই সময়ছোৱাত আচাৰৰ দৰে কিছু টেঙাজাতীয় খাদ্য আটাইতকৈ বেছি পছন্দ হয়।

কিন্তু আপুনি জানেনে গৰ্ভৱতী মহিলাই এই সময়ত আচাৰ খোৱাটো উচিত নে অনুচিত। আচাৰ খোৱাৰ ফলত মাতৃ আৰু জন্ম পাবলগীয়া শিশুৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে সেয়া জানি থোৱা ভাল।

গৰ্ভৱতী মহিলাৰ যেতিয়া কোনো বিশেষ বস্তু খাবৰ মন যায় তেতিয়া এই অৱস্থাটোক ইংৰাজীত ক্ৰেবিংগ বুলি কোৱা হয়। এই সময়ছোৱাত তেওঁৰ কিছু টেঙা বা জলা-মচলাযুক্ত খাদ্য খাবলৈ মন যায়।

গৰ্ভৱতী অৱস্থাত যদি কোনো মহিলাই আচাৰ জাতীয় কোনো টেঙা বস্তু খোৱাৰ মন কৰে তেতিয়াহ’লে তেওঁ কিছু সাৱধানতা অৱশ্যেই গ্ৰহণ কৰা উচিত।

গৰ্ভৱতী মহিলাই অধিক মাত্ৰাত আচাৰ খোৱা উচিত নহয়। কেঁচা আম, আমলখি, গাজৰৰ পৰা বনোৱা আচাৰ ভিটামিন, কেলচিয়াম, আইৰণ, পটেছিয়াম আৰু কিছু পুষ্টি গুণেৰে ভৰপূৰ থাকে। ই গৰ্ভৱতী মহিলাৰ ইম্যুনিটি বৃদ্ধি কৰাত সহায় কৰে।

আচাৰত ভাল বেক্টেৰিয়া পোৱা যায়, যিয়ে গৰ্ভৱতী মহিলাৰ ক্ষুদ্ৰান্ত্ৰত গৈ ভাল বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত হজম শক্তিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে।

PicklesMAIN
ফটো : ইন্টাৰনেটৰ সৌজন্যত

গৰ্ভত থকা শিশুৰ সুস্থ বিকাশৰ লগতে গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে শৰীৰত পটেছিয়াম, ছডিয়ামৰ দৰে খনিজ পদাৰ্থৰ সন্তুলন থকাটো বহুত জৰুৰী। আচাৰ খোৱাৰ ফলত শৰীৰত খনিজ পদাৰ্থৰ সন্তুলন ধৰি ৰখাত সহায়ক হয়।

আনহাতে, আচাৰত ছডিয়ামৰ মাত্ৰা অধিক থকাৰ বাবে গৰ্ভৱতী মহিলাৰ ৰক্তচাপৰ (ব্লাড প্ৰেছাৰ) সমস্যা হ’ব পাৰে। ই মাকৰ লগতে গৰ্ভস্থ শিশুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

আচাৰত ছডিয়ামৰ মাত্ৰা অধিক থকাৰ বাবে গৰ্ভৱতী মহিলাৰ ডিহাইড্ৰেশ্যনৰ সমস্যা হ’ব পাৰে। শৰীৰত পানী কমি যোৱাৰ প্ৰভাৱ গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ লগতে গৰ্ভস্থ সন্তানৰ ওপৰতো পৰিব পাৰে।

অধিক মাত্ৰাত আচাৰ খোৱাৰ ফলত গৰ্ভৱতী মহিলাই পেট জলা পোৰা (এচিডিটি), বুকু জ্বলাৰ দৰে সমস্যাত ভূগিব লগীয়া হ’ব পাৰে।

শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ ফলত গৰ্ভৱতী মহিলাৰ শৰীৰ ফুলাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰকৃততে, অধিক মাত্ৰাত আচাৰ খালে শৰীৰত ছডিয়ামৰ পৰিমান অধিক হ’বলৈ ধৰে যিয়ে গৰ্ভৱতী মহিলাৰ শৰীৰ ফুলাৰ ভাৱ হ’বলৈ ধৰে।

আচাৰ খোৱাৰ সময়ত মনত ৰাখিবলগীয়া কথাঃ

গৰ্ভৱতী মহিলাই ডিহাইড্ৰেশ্যনৰ পৰা হাত সাৰিবলৈ আচাৰ খোৱাৰ লগে লগে যথেষ্ট মাত্ৰাত পানী খোৱা উচিত।

বজাৰৰ আচাৰৰ ঠাইত গৰ্ভৱতী মহিলাই ঘৰতে বনোৱা সজীৱ আচাৰ খোৱা উচিত।

যিসকল গৰ্ভৱতী মহিলাৰ গেছৰ অধিক সমস্যা থাকে, তেওঁলোকে আচাৰ খোৱাৰ পৰা বিৰত থকা উচিত।

আচাৰ খোৱাৰ কাৰণে যদি গৰ্ভৱতী মহিলাৰ কোনোধৰণৰ এলাৰ্জী বা ডিঙিৰ সৈতে জড়িত সমস্যা থাকে তেন্তে আচাৰ খোৱাৰ পৰা বিৰত থকা উচিত।