NORTHEAST NOW (Assamese)
অৰুণাচল

তিৰং আবহ হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিগৰাকী এন এছ চি এন (আই এম) উগ্ৰপন্থীক নিয়াৰ ম’ষ্ট ৱাণ্টেড ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2019 1:45 pm
NSCN

উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ চাৰিগৰাকী কেডাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই ম’ষ্ট ৱান্টেডৰ জাননী জাৰী কৰিছে।

এন চি চি এন (আই এম)ৰ আগশাৰীৰ কেডাৰ জেনেৰেল এবচুলেন টাংখুল, লেফটেনেণ্ট কৰ্নেল আপেম, কেপ্টেইন ইলি কেটক আৰু কিলোনাছৰ ৰাবি ৱাংগোৰ বিৰুদ্ধে নিয়াই ম’ষ্ট ৱান্টেডৰ জাননী জাৰি কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, নিয়াই আৰ চি ০৩২০১৯নিয়া জি য়ু ডব্লিউ(০৯-০৬-২০১৯)নম্বৰত এন এছ চি এন উগ্ৰপন্থী চাৰিগৰাকীৰ বিষয়ে সন্ধান দিওঁতাক নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰি গোচৰ ৰুজু কৰিছে।

অৰুণাচলৰ বিধায়ক তিৰং আবহৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল এই উগ্ৰপন্থী কেইগৰাকী।

অৰুণাচলৰ পশ্চিম খুনচা বিধানসভা সমষ্টিত এন পি পিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তিৰং আবহক যোৱা ২১ মে’ত অৰুণাচল প্ৰদেশৰ তিৰাপত সন্দেহযুক্ত এন এছ চি এন (আই এম)য়ে নৃশংভাৱে গুলীয়াই হত্যা কৰিছিল।

এই ভয়ংকৰ আক্ৰমণটোত বিধায়ক আবহৰ উপৰি তেওঁৰ সৰু পুতেক, চালক, গৃহৰক্ষীকে ধৰি মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।