NORTHEAST NOW (Assamese)
অসম

শিলচৰত ব’হাগৰ পূৰ্বে বৰদৈচিলাৰ তাণ্ডৱত ব্যাপক ক্ষতি

Posted by: শিৱাশিস চক্ৰৱৰ্তী March 31, 2018 12:27 pm
Silchar

শুকুৰবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ ফলত ব্যাপক ক্ষয়- ক্ষতি হয় বৰাক উপত্যকাৰ অন্যতম চহৰ শিলচৰত।

উক্ত দিনা সন্ধিয়া প্ৰায় আধা ঘণ্টা ধৰি চলা প্ৰচণ্ড ধুমুহা জাকৰ ফলত চহৰখনৰ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে ধুমুহাজাকৰ ফলত ধুবুৰী চহৰখনৰ ঠায়ে ঠায়ে বৈদ্যুতিক খুঁটা সমূহ উভালি পৰাৰ উপৰি বহু অনিষ্ট হয় জনসাধাৰণৰ। ইতিমধ্যে প্ৰায়বোৰ অঞ্চলৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে বুলি জানিব পৰা গৈছে।

অৱশ্যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিদ্যুৎ যোগানৰ কাম ক্ষিপ্ৰ গতিৰে কৰি আছে যদিও কেতিয়ালৈ চহৰখনত বিদ্যুৎ সংযোগ পুনৰ সুচল হ’ব সেয়া নিশ্চিত হোৱা নাই।

ইয়াৰ মাজতে জিলা প্ৰশাসনে ধুমুহা-বৰষুণৰ সময়ছোৱাত ৰাইজে ল’বলগীয়া বিভিন্ন সতৰ্কতামূলক উপদেশ জাৰি কৰিছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰচণ্ড ধুমুহাৰ ফলত ধুবুৰী চহৰখনৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে আৰু বহু লোকৰ বিস্তৰ ক্ষতি হৈছে। অৱশ্যে এই ধুমুহাৰ প্ৰকোপত কোনো লোক হতাহত হোৱা নাই বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনৰ শীৰ্ষ সূত্ৰই।

স্মৰ্তব্য যে ব’হাগ বিহুৰ পূৰ্বে প্ৰতিবছৰে এইদৰে ধুমুহা- বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰে ৰাজ্যত।