NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ প্ৰদেশত পুনৰ ধৰ্ষণ কৰি নাবালিকাক হত্যা : নিশা পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 2:57 pm
Unidentified body recovered in Mariani's Jaji river

যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা আৰু ধৰ্ষণৰ দৰে অপৰাধসমূহ।

যোৱা সোমবাৰে পুনৰ এজন সাংবাদিকক পঞ্চায়ত প্ৰধানৰ বাসগৃহত গুলীয়াই হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতে পুনৰ উদ্ধাৰ হৈছে এগৰাকী নাবালিকাৰ মৃতদেহ।

ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাত মঙ্গলবাৰে নিশা এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী নাবালিকাৰ মৃতদেহ।

নাবালিকা গৰাকীৰ পৰিয়ালে দাবী কৰা অনুসৰি যোৱা সোমবাৰে নাবালিকা গৰাকী পুৱা চাৰে আঠমান বজাত ঘৰৰ পৰা বৃত্তিৰ প্ৰ-পত্ৰ পূৰ কৰিবলৈ উলাই গৈছিল।

নাবালিকা গৰাকী ৰাতিলৈকে ঘৰলৈ উভতি নহাৰ বাবে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত নিখোজ হোৱাৰ খবৰ দিয়ে আৰু আৰক্ষীয়ে নাবালিকা গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

বিচাৰ খোচাৰ কৰি আৰক্ষীয়ে মঙ্গলাবেৰ নিশা গাঁৱৰ পৰা ২০০ মিটাৰ দূৰত্বত থকা এটা পুখুৰীৰ পৰা নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

“ইতিমধ্যে নাবালিকা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট আহিছে। ৰিপ’ৰ্টত নাবালিকা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰমাণ পোৱা গৈছে। এই ঘটনাৰ সৈতে কোন জড়িত এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।” জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া সত্যেন্দ্ৰ কুমাৰে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত হত্যা ধৰ্ষণ আদি অপৰাধজনিত ঘটনা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

যোৱা ১০ টা দিনৰ ভিতৰত এইটো হৈছে ৰাজ্যখনৰ দ্বিতীয়টো ধৰ্ষণ আৰু হত্যাজনিত ঘটনা।

যোৱা ১৪ আগষ্টত নিখোজ হোৱা এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃতদেহ ৰাজ্যখনৰ ৰাজধানী লক্ষ্মৌৰ পৰা ১৩০ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হৈছিল।