NORTHEAST NOW (Assamese)
Popular Stories

আৰম্ভ হোৱাৰ দুদিনতেই বিকল গুৱাহাটী ৰ’পৱে : বন্ধ ৰখা হ’ল যাতায়াত, বিমুখ হৈ উভতিল যাত্ৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 26, 2020 3:13 pm

আৰম্ভ হোৱাৰ দুদিন পাছতেই কাৰিকৰী বিজুতি ঘটিছে গুৱাহাটীৰ ৰ’পৱেৰ ইঞ্জিনত।

বুধবাৰৰ দিনটোত পুৱাৰে পৰা বন্ধ ৰখা হ’ল ৰ’পৱেৰ চলাচল।

ইঞ্জিনৰ কিছু বিজুতি হোৱাৰ বাবে বিদ্যুতৰ যোগানত ব্যাঘাত জন্মিছে বুলি এক সুত্ৰত প্ৰকাশ পাইছে।

ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে মেৰামতিৰ কাম চলি আছে যদিও বৰ্তমানো কাৰ্যক্ষম হৈ উঠা নাই ৰ’পৱে সেৱা।

উল্লেখযোগ্য ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই ৰ’পৱে সেৱা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই ৰ’পৱে সেৱা গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিছিল।

গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৈছিল যদিও এতিয়া পুনৰ উদাস মনৰে উভটিবলগীয়া হৈছে যাত্ৰীসকল।

ইপিনে, সংবাদ মাধ্যমৰ লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ৰ’পৱে কতৃপক্ষই।

‘আমাৰ চাকৰিৰ কথা আছে। আমি আপোনালোকক চৌহদৰ ভিতৰত সোমাবলৈ দিব নোৱাৰিম। অথৰিটিয়ে ভিতৰত কাকো সোমাব নিদিবলৈ কৈছে। ৰাতিপুৱাৰে পৰা চলা দেখা নাই ৰ’পৱেটো। নাজানো বেয়া হৈছে নে কি হৈছে?’ এইদৰে কয় প্ৰবেশদ্বাৰত থকা নিৰাপত্তাৰক্ষীয়ে।

ইমানখিনি উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰিও আৰম্ভ হোৱাৰ দুদিন পাছতে এনেদৰে চলাচলত বাধা অহা প্ৰসংগটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে, ২০০৯ চনত তৰুণ গগৈৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰাৰ সুদীৰ্ঘ ১১ বছৰৰ পাছত সোমবাৰৰ  পৰা ৰাইজৰ বাবে মুকলি কৰা হৈছিল এই ৰ’পৱে সেৱা।

১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৱেই হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰ’পৱে।

উল্লেখ্য, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লকডাউনৰ বাবে ৰ’পৱেটো মুকলি কৰিব পৰা হোৱা নাছিল।

এই ৰ’পৱেৰে এবাৰত ৩২ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে।

ৰ’পৱেৰে কেৱল এবাৰ যাত্ৰা কৰাৰ বাবদ প্ৰতি গৰাকী যাত্ৰীৰ পৰা ৬০ টকাকৈ ভাড়া লোৱা হয় আৰু একোজন যাত্ৰীয়ে অহা-যোৱাৰ বাবদ সমুদায় ১০০ টকা ভৰিব লাগে।