NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ যুৱতী হত্যাৰ ঘটনাৰ বিতং তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ

Posted by: এন ই নাও নিউজ March 31, 2018 1:02 pm
Meghalaya-girl-murder1-570x320

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে দিল্লী আৰক্ষীক মেঘালয়ৰ ৰি ভই জিলাৰ ২৬ বছৰীয়া যুৱতী ৱানডালিন কঙোৰ হত্যাৰ বিতং তদন্ত কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ এক নিৰ্দেশ দিছে।

ইতিমধ্যে দক্ষিণ পশ্চিম দিল্লীৰ ভাড়াঘৰৰ শোৱনি কোঠাৰ পৰা উদ্ধাৰ কৰা ৱানডালিনৰ উৱলি যোৱা মৃতদেহটো নতুন দিল্লীত উপস্থিত হোৱা তেওঁৰ আত্মীয় আৰু খাচী জয়ন্তীয়া খ্ৰীষ্টিয়ান ফেল’শ্বিপে ৰাষ্ট্ৰীয় ৰাজধানীৰ দ্বাৰকা খ্ৰীষ্টিয়ান চেমেট্ৰিত সমাধিস্থ কৰে।

ইয়াৰ আগেয়ে বৃহস্পতিবাৰে আবেলি মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় যদিও ইয়াৰ প্ৰতিবেদন আৰক্ষীৰ তদন্তকাৰী দলৰ হাতত আহি পৰা নাই।

মৃতদেহটো বেয়াকৈ উৱলি যোৱাৰ বাবে আত্মীয়সকলে ঘৰলৈ অআনিব নোৱাৰিলে। আনকি তেওঁৰ মুখখনো চিনিব নোৱাৰা হৈ পৰিছিল আৰু তেওঁৰ আত্মীয়ই তেওঁৰ নখৰ পৰাহে চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।

দিল্লী আৰক্ষীৰ উত্তৰ-পূবৰ প্ৰতিনিধিয়ে শেষ কৃত্য সম্পন্ন হৈ নোযোৱালৈকে আত্মীয়সকলৰ সৈতে থাকে। উত্তৰ-পূব দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক আৰু মেঘালয় আৰক্ষীৰ এটি দলো উপস্থিত আছিল।

meghalya-girl

আৰক্ষীৰ মতে প্ৰাথমিক অনুসন্ধানত এইটো হত্যাৰ ঘটনা বুলিয়েই প্ৰতীয়মান হৈছে কিয়নো মুখখনৰ একাংশ চিনিব নোৱাৰা কৰা হৈছিল। ইয়াৰ মাজতে বসন্ত বিহাৰ আৰক্ষী থানাত এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে লগতে জনায় যে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে তেওঁৰ ওপৰত যৌন নিৰ্যাতন হৈছিল নে নাই সেয়া নিশ্চিত কৰিব পৰা যাব।

মেঘালয়ৰ এই যুৱতীগৰাকী গুৰগাঁৱৰ এটি কল চেন্টাৰৰ কৰ্মচাৰী আছিল। তেওঁ দক্ষিণ পশ্চিম দিল্লীৰ মুৰ্নিকাত এজন পুৰুষৰ সৈতে এটা এপাৰ্টমেন্টত থাকিবলৈ লৈছিল। যুৱতীগৰাকীয়ে ঘৰৰ মালিকক পুৰুষজন তেওঁৰ আত্মীয় বুলি পৰিচয় দিছিল।

অৱশ্যে, ব্যক্তি গৰাকী এতিয়া পলাতক আৰু আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ ব্যাপক অভিযান চলাইছে।

ইয়াৰ মাজতে মেঘালয়ৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী এ এল হেকে বৃহস্পতিবাৰে কিৰেন ৰিজিজুক সাক্ষাৎ কৰি বিষয়টো সম্পৰ্কত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল।