NORTHEAST NOW (Assamese)
অসম

হাজোত কিশোৰীক অপহৰণ কৰি গ্ৰেপ্তাৰ হ’ল মছজিদৰ জোনাব

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা June 9, 2019 5:09 pm
হাজোত কিশোৰীক অপহৰণ কৰি গ্ৰেপ্তাৰ হ’ল মছজিদৰ জোনাব

এগৰাকী কিশোৰীক অপহৰণৰ গোচৰত হাজো আৰক্ষীয়ে শনিবাৰে নিশা মছজিদৰ এজন জোনাবক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই হোজোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ জালত পৰা জোনাবজনক ৰিয়াজুল আলী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে জোনাব ৰিয়াজুল আলীয়ে হাজোৰে এগৰাকী ১৭ বছৰীয়া কিশোৰীক বহুদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু কিশোৰীগৰাকীয়ে তেওঁৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত কালি অৰ্থাৎ শনিবাৰে ৰিয়াজুল আলীয়ে কিশোৰীগৰাকীক অপহৰণ কৰি লৈ যায়।

মহাবিদ্যালয়ৰ পৰা উভতাৰ পথত জোনাব ৰিয়াজুল টেম্পোৰে কিশোৰীগৰাকীক অপহৰণ কৰিছিল।

আনহাতে ইয়াৰ পিছতে ছোৱালীক বিচাৰি পৰিয়ালৰ লোক ৰিয়াজুল আলীৰ ঘৰত উপস্থিত হয় যদিও ৰিয়াজুলৰ পৰিয়ালে মাৰ ধৰি কৰি তেওঁলোকক তাৰ পৰা খেদি পঠিয়াই বুলি তেওঁলোকে অভিযোগ আনে।

অৱশেষত ভুক্তভোগী পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত হাজো আৰক্ষীয়ে জোনাব ৰিয়াজুল আলীক গ্ৰেপ্তাৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।