NORTHEAST NOW (Assamese)
অসম

ডাউনটাউনস্থিত Nuts and brew বাৰৰ ভিতৰত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি; চাৰিজনক আটক

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী May 7, 2022 1:08 pm

শুকুৰবাৰে নিশা মহানগৰীৰ ডাউনটাউনত থকা বিলাসী বাৰ Nuts and brew ত চাৰিজন যুৱকে উদ্ভণ্ডালি চলায়।

বাৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত দলটোক দিছপুৰ আৰক্ষীয়ে আটক কৰে।

আটকধীন যুৱক কেইজনৰ নাম জনক কুমাৰ পাঠক, আচিক ৰহমান, কৃষানু ভৰদ্বাজ আৰু বিশ্বজিৎ দলে।

লগতে পঢ়ক: চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে

নিশা বাৰখনৰ পৰা আটক কৰি আনি যুৱককেইজনক দিছপুৰ থানাত ৰাখে। যুৱকৰ দলটোৰ বিৰুদ্ধে আৰক্ষীকো ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাৰ সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই বাৰ কৰ্তৃপক্ষ‌ই।

লগতে পঢ়ক: পুনৰ চৰ্চাত পুটিনৰ প্ৰাক্তন প্ৰেমিকা! কোন এই এলিনা কাবায়েভা?

দিছপুৰ আৰক্ষীয়েও ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।