NORTHEAST NOW (Assamese)
অসম

ৰাজনীতিৰ পৰা অৱসৰ ল’লে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা নুৰজামাল সৰকাৰে

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ May 7, 2022 1:38 pm

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা নুৰজামাল সৰকাৰে সক্ৰিয় ৰাজনীতিৰ পৰা সন্যাস ল’লে।

বিশ্বনাথ বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কংগ্ৰেছী নেতাগৰাকীয়ে কেবিনেট মন্ত্ৰী হিচাপেও ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ দখল সাৱ্যস্ত কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে

কিছু দিনৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীত চিকিৎসাধীন হৈ আছে নুৰজামাল সৰকাৰ।

প্ৰাপ্ত খবৰ অনুসৰি স্বাস্থ্যজনিত কাৰণত তেওঁ ইতিমধ্যে ৰাজনীতিৰ পৰা সম্পূৰ্ণ অৱসৰ লোৱা বুলি জানিব পৰা গৈছে ।

অৱশ্যে ৰাজনীতিৰ পৰা অৱসৰ লোৱা সন্দৰ্ভত অসুস্থতাৰ বাবে বৰ্তমান পৰ্যন্ত নেতা গৰাকীয়ে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ বাবে সাজু মুকেশ আম্বানীৰ সংস্থা

বিশ্বনাথ সমষ্টিৰ পৰা এসময়ত প্ৰতিনিধিত্ব কৰা নেতাগৰাকীৰ ৰাজনীতিৰ পৰা অৱসৰ লোৱা খৱৰে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে ।