DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ বাবে সাজু মুকেশ আম্বানীৰ সংস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2022 8:01 am
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ বাবে সাজু মুকেশ আম্বানীৰ সংস্থা
114
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ জামনগৰত বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা স্থাপনৰ লক্ষ্যৰে আগবঢ়া মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে (আৰআইএল) এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত বন্যপ্ৰাণী উদ্ধাৰ শিৱিৰ স্থাপনৰ বাবে সাজু হৈছে।

আৰআইএলৰ গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন কিংডমৰ বিষয়াসকলৰ এটা দলে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ গুৱাহাটীত উপস্থিত হয়।

বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে টুইট কৰি কয় যে অসম চৰকাৰে পশুৰ যতনৰ সুবিধা বৃদ্ধিৰ বাবে গ্ৰীণছ জুলজিকেল ৰেচকিউ আৰু ৰিহেবিলিটেচন কিংডমৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পৰিকল্পনা কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে মানৱ-বন্যপ্ৰাণী সংঘাতৰ বাঢ়ি অহা ঘটনাৰ কথা বিবেচনা কৰি অসম চৰকাৰে বানপানীৰ বতৰত পথভ্ৰষ্ট আৰু আৱদ্ধ জন্তুবোৰক সহায় কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা পৰিবহন তথা উদ্ধাৰ শিবিৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক: ৰাজনীতিত প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা! কিমান কঠিন হ’ব তেওঁৰ এই কৌশলী অভিযান?

মুখ্যমন্ত্ৰীয়ে তেওঁৰ টুইটত কয় যে গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড দ্য ৰিহেবিলিটেচন কিংডমত উপলব্ধ সুবিধাসমূহ অধ্যয়ন কৰিবলৈ তিনিজন বিষয়াক জামনগৰলৈ প্ৰেৰণ কৰা হ’ব আৰু অসমত তাৰ অনুৰূপ ব্যৱস্থা কৰা হ’ব।

দৰাচলতে, মুকেশ আম্বানীৰ গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন কিংডমৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ শিবিৰ স্থাপনৰ প্ৰস্তাৱ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা টুইটটোৱে অসমৰ বন্যপ্ৰাণী সংৰক্ষণ সম্প্ৰদায়ৰ চকু কপালত তুলিছে।

এই প্ৰস্তাৱটোত সকলোৱে আচৰিত হোৱাটো স্বাভাৱিক কিয়নো ভাৰতৰ প্ৰথম বৈজ্ঞানিকভাৱে পৰিচালিত বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু পুনৰুজ্জীৱন কেন্দ্ৰ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত বিদ্যমান, আৰু ই এক উৎকৃষ্ট কাম কৰি আহিছে।

২০০২ চনত ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ দ্বাৰা ভাৰত চৰকাৰৰ পশু কল্যাণ বিভাগ আৰু অসম বন বিভাগ, আন্তৰ্জাতিক পশু কল্যাণ পুঁজি (আইএফএডব্লিউ)ৰ সহযোগত বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ (চিডব্লিউআৰচি) স্থাপন কৰা হৈছিল।

বছৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা বানপানীৰ সময়ত জীৱ-জন্তু উদ্ধাৰ আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত চিডব্লিউআৰচিয়ে সদায় আগভাগ লৈ আহিছে ।

কেন্দ্ৰটোৱে প্ৰায় ৪,৮০০ জন্তুৰ এনে ঘটনা মোকাবিলা কৰিছে আৰু ৬০ শতাংশতকৈও অধিক জন্তুক পুনৰ বনাঞ্চলত এৰি দিছে।

লগতে পঢ়ক:পুনৰ ৰাজ্যজুৰি তিনিটা পৰ্য্যায়ত শিক্ষা বিভাগৰ গুণোৎসৱ; ক’ত কেতিয়া অনুষ্ঠিত হ’ব জনালে শিক্ষামন্ত্ৰীয়ে

চিডব্লিউআৰচিৰ অতি দক্ষ দলটোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি উদ্ধাৰ কৰা জন্তুবোৰক উদ্ধাৰ, চিকিৎসা আৰু পুনৰ্বাসন কৰা তথা পুনৰ বনাঞ্চলত এৰি দিয়াৰ দৰে কামত বিশেষ দক্ষতা আছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ ভাৰতত বন্যপ্ৰাণী সংৰক্ষণৰ সফল পদক্ষেপৰ বাটকটীয়া হোৱাৰ পিছতো অসম চৰকাৰে কিয় আৰআইএলৰ গ্ৰীণছ জুলজিকেল ৰেচকিউ আৰু ৰিহেবিলিটেচন কিংডমৰ সৈতে হাত মিলাবলৈ আগবাঢ়িছে সেয়া একেবাৰে অপ্ৰত্যাশিত।   

বিশ্বজুৰি বিশেষজ্ঞ হিচাপে কাম কৰা কেইজনমান উৎকৃষ্ট বন বিষয়া, বন্যপ্ৰাণী পশু চিকিৎসক আৰু বন্যপ্ৰাণী সংৰক্ষণবিদ লাভ কৰি অসম সদায় গৌৰৱান্বিত।

জামনগৰৰ দৰে এখন নতুন ব্যক্তিগত চিৰিয়াখানাৰ পৰা অসম বন্যপ্ৰাণী দলৰ বিষয়া, পশু চিকিৎসক আৰু সংৰক্ষণবিদসকলৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্সংস্থাপনৰ পাঠ লোৱাৰ কোনো প্ৰয়োজন নাই। 

দৰাচলতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডক কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই (চিজেডএ) ১৯ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে জামনগৰৰ মোটো খাৱদীত ২৮০ একৰ ভূমিত এখন চিৰিয়াখানা স্থাপন কৰাৰ অনুমতি প্ৰদান কৰিছিল।

Held a meeting with the functionaries of Greens Zoological Rescue and Rehabilitation Centre (GZRRC), targeted at capacity & capability building of vet care facilities.

Considering the rising cases of human-wildlife conflicts, we proposed to enter into an MoU with GZRRC. pic.twitter.com/JPiPBtmL3z

— Himanta Biswa Sarma (@himantabiswa) May 5, 2022

গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড দ্য ৰিহেবিলিটেচন কিংডম মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ঘৰুৱা প্ৰকল্প বুলি কোৱা হয়।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ ব্যক্তিগত চিৰিয়াখানা, বিশেষকৈ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই মেক্সিকোৰ পৰা কেইবাটাও বিপদাপন্ন, দুৰ্বল আৰু প্ৰায় বিপদাপন্ন জন্তু আমদানি কৰাৰ অনুমতি দিয়াৰ পিছৰে পৰা সদায় বিতৰ্কৰ মাজত আছে।

যদিও বহুতো মূলসুঁতিৰ সংবাদ মাধ্যমেই প্ৰতিবেদন প্ৰকাশ কৰিছিল যে মুকেশ আম্বানীৰ চিৰিয়াখানা ‘বিশ্বৰ সৰ্ববৃহৎ’ হ’ব, বন্যপ্ৰাণী সংৰক্ষণকাৰীসকলৰ এটা অংশই এই দাবীটো মানি ল’বলৈ অস্বীকাৰ কৰিছে। 

লগতে পঢ়ক: বিজেপি নেতাক গ্ৰেপ্তাৰ; পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলি দিল্লী আৰক্ষীৰ এজাহাৰ!

তেওঁলোকৰ মতে, তিৰুপতিৰ শ্ৰীভেঙ্কটেশ্বৰ জুলজিকেল পাৰ্ক ৩,০০০ একৰতকৈও অধিক বিস্তৃত। একেদৰে, চেন্নাইৰ আৰিগনাৰ আন্না জুলজিকেল পাৰ্কৰ মুঠ এলেকা প্ৰায় ১,৫০০ একৰ।

ভুৱনেশ্বৰৰ নন্দনকানন জৈৱিক উদ্যানখন ১,০৮০ একৰ এলেকাত বিস্তৃত, আৰু গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানো ৪৩২ একৰ এলেকা বিস্তৃত।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এহাল ব্লেক পেন্থাৰ জামনগৰৰ মুকেশ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ ৰাইজে একেবাৰে ভালপোৱা নাছিল। জানিব পৰা মতে অসম ৰাজ্যিক চিৰিয়াখানা ভাৰতৰ ব্লেক পেন্থাৰৰ বাবে একমাত্ৰ প্ৰজনন কেন্দ্ৰ।

যদিও দাবী কৰা হৈছিল যে জামনগৰৰ মুকেশ আম্বানীৰ চিৰিয়াখানাই অসমক ইজৰাইলৰ পৰা চাৰিটা জেব্ৰা অনাত সহায় কৰিব, কিন্তু গুৱাহাটীত জেব্ৰাৰ আগমনৰ কোনো খৱৰ পোৱা হোৱা নাই।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd