২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ৰাজনীতিত নতুন সমীকৰণৰ চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা বৰ্তমান বিজেপিত থকা পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ শেহতীয়া এক উপস্থিতিক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে। নতুন দিল্লীত ছোনিয়া গান্ধীৰ আত্মজীৱনী উন্মোচনী অনুষ্ঠানত উপস্থিত থকাৰ লগতে ৰাহুল গান্ধীৰ সৈতে হোৱা বাৰ্তালাপৰ পাছতে অমৰিন্দৰ সিঙৰ পুনৰ কংগ্ৰেছলৈ উভতি অহাৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা বৃদ্ধি পাইছে।
উল্লেখ্য যে ২০২১ চনত কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা সংঘাত আৰু তিক্ততাৰ পৰিণতিত দল ত্যাগ কৰিছিল ৮৪ বছৰীয়া অমৰিন্দৰ সিঙে। ইয়াৰ পাছতে তেওঁ নিজাকৈ ৰাজনৈতিক দল গঠন কৰিছিল যদিও পৰৱৰ্তী সময়ত নিজৰ দলটো বিজেপিৰ সৈতে চামিল কৰে। অৱশ্যে শেহতীয়া কেইটামান ঘটনাই তেওঁৰ ৰাজনৈতিক ভৱিষ্যতক লৈ নতুন চৰ্চাৰ সূচনা কৰিছে।
চলিত বৰ্ষৰ ৪ জুনত হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাই দাবী কৰিছিল যে অমৰিন্দৰ সিং কংগ্ৰেছৰ নেতাসকলৰ সৈতে যোগাযোগত আছে। ইয়াৰ পাছতে ৭ আগষ্টত সমাজিক মাধ্যমৰ এটা অনুষ্ঠানত ৰাহুল গান্ধীক তেওঁৰ পছন্দৰ বিজেপি নেতা কোন বুলি প্ৰশ্ন কৰা হৈছিল। সকলোকে আচৰিত কৰি ৰাহুলে অমৰিন্দৰ সিঙৰ নাম উল্লেখ কৰে। তেওঁ কয় যে কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল। অমৰিন্দৰ এগৰাকী মুকলি মনৰ ব্যক্তি আৰু সামৰিক ইতিহাসৰ বিষয়তো তেওঁৰ বিশেষ জ্ঞান আছে। আনকি কেমেৰাৰ সন্মুখতে ৰাহুলে ‘হেল্ল’ আংকল অমৰিন্দৰ’ বুলি সম্বোধন কৰিছিল। পৰৱৰ্তী সময়ত ১৫ অক্টোবৰত পঞ্জাব কংগ্ৰেছৰ দায়িত্বত থকা শচীন পাইলটেও এই বিষয়ত মন্তব্য কৰি কৈছিল যে ৰাজনীতিত একোৱেই অসম্ভৱ নহয়।
কিন্তু এই সকলো চৰ্চাৰ মাজতে ১৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ (Belonging: A Journey of Love)ৰ উন্মোচনী অনুষ্ঠানত অমৰিন্দৰ সিঙৰ উপস্থিতিয়ে নতুনকৈ চৰ্চাৰ সৃষ্টি কৰে। অনুষ্ঠানটোত ৰাহুল গান্ধীয়ে পিতৃ ৰাজীৱ গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ জীৱনৰ এটা পুৰণি পাৰিবাৰিক স্মৃতিৰ কথা উল্লেখ কৰে। ৰাহুলে জনোৱা মতে, আশীৰ দশকত ৰাজীৱ আৰু ছোনিয়াৰ মাজত এবাৰহে ডাঙৰ কাজিয়াৰ সৃষ্টি হৈছিল। সেই সময়ত কাকতালীয়ভাৱে ৰাজীৱ গান্ধীৰ সৈতে ফোনযোগে কথা পাতি আছিল অমৰিন্দৰ সিঙে। পুৰণি দিনৰ এই স্মৃতি আৰু গান্ধী পৰিয়ালৰ সৈতে অমৰিন্দৰৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা ৰাজহুৱা মঞ্চত প্ৰকাশ পোৱাত উপস্থিতসকলৰ দৃষ্টি আকৰ্ষণ কৰে।
অৱশ্যে অমৰিন্দৰ সিঙৰ এই উপস্থিতিক লৈ ৰাজনৈতিক জল্পনা-কল্পনাক গুৰুত্ব দিবলৈ বিচৰা নাই বিজেপিয়ে। বিজেপি নেতা ৰাণা গুৰমীত সিং সোধীয়ে স্পষ্ট কৰি দিয়ে যে ৰাজীৱ গান্ধীৰ পৰিয়ালৰ সৈতে কেপ্টেইন অমৰিন্দৰ সিং আৰু তেওঁৰ পৰিয়ালৰ বহুদিনীয়া ব্যক্তিগত সম্পৰ্ক আছে। সেয়েহে এই অনুষ্ঠানত তেওঁৰ উপস্থিতি সম্পূৰ্ণ সামাজিক আৰু ব্যক্তিগত বিষয়। ইয়াৰ সৈতে ৰাজনৈতিক সমীকৰণৰ সম্পৰ্ক বিচৰাটো উচিত নহয় বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে, কংগ্ৰেছলৈ উভতি অহাৰ সম্ভাৱনাৰ কথা নাকচ কৰিছে স্বয়ং অমৰিন্দৰ সিঙেও। তেওঁ কয়, ‘আমি এটা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। ইয়াত ৰাজনীতিৰ কথা টানি অনাৰ প্ৰয়োজন কি?’ ছোনিয়া গান্ধীৰ পূৰ্বৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানতো তেওঁ উপস্থিত থকা বুলি উল্লেখ কৰি এইবাৰো একেই কাৰণতে অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলি স্পষ্ট কৰে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে অমৰিন্দৰ সিঙৰ পুনৰ চৰ্চালৈ অহাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। এসময়ত পঞ্জাবত কংগ্ৰেছক বৃহৎ নিৰ্বাচনী জয়ৰ সোৱাদ দিয়া অমৰিন্দৰৰ ৰাজ্যখনত এতিয়াও ৰাজনৈতিক প্ৰভাৱ আছে। আনহাতে, পঞ্জাবত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ চেষ্টা চলাইছে বিজেপিয়েও। এনে পৰিস্থিতিত কেপ্টেইনৰ অভিজ্ঞতা আৰু ৰাজনৈতিক প্ৰভাৱ বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে।
এফালে কংগ্ৰেছৰ সৈতে অমৰিন্দৰৰ পুৰণি সম্পৰ্ক, আনফালে বিজেপিত তেওঁৰ বৰ্তমানৰ অৱস্থান। ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁৰ উপস্থিতিয়ে এই দুয়োটা দিশকে পুনৰ চৰ্চালৈ আনিছে। অৱশ্যে এই সম্পৰ্ক কেৱল ব্যক্তিগত সৌহাৰ্দ্য আৰু পুৰণি স্মৃতিৰ মাজতে সীমাবদ্ধ থাকিব নে আগন্তুক নিৰ্বাচনৰ পূৰ্বে পঞ্জাবৰ ৰাজনীতিত নতুন কোনো পৰিৱৰ্তনৰ সূচনা কৰিব, সেয়া সময়েহে ক’ব।





