উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাৰ পৰা ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম নোহোৱা হোৱা বুলি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰা দাবীক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। এই বিতৰ্কৰ মাজতে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া নবদীপ ৰিণৱাই স্পষ্ট কৰি দিছে যে নিৰ্বাচন বিভাগে ভোটাৰৰ ধৰ্ম বা জাতিৰ ভিত্তিত কোনো তথ্য সংৰক্ষণ নকৰে। আনকি ধৰ্ম বা জাতিৰ ভিত্তিত কোনো চৰকাৰী বিশ্লেষণো প্ৰস্তুত কৰা নহয় বুলি তেওঁ জানিবলৈ দিয়ে।
ইয়াৰ পূৰ্বে এটা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনৰ পিছত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ দাবী অনুসৰি, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম থকা প্ৰায় ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাত বিচাৰি পোৱা হোৱা নাই।
ইয়াৰ উপৰি প্ৰায় ৬৬ লাখ ভোটাৰৰ নাম তালিকাত নথকাৰ কথাও উল্লেখ কৰিছিল যোগীয়ে। ইয়াৰ ভিতৰত চৰকাৰী কল্যাণমূলক আঁচনিৰ ৫৫ লাখ হিন্দু হিতাধিকাৰী আৰু ১৮-১৯ বছৰ বয়সৰ প্ৰায় ৪.৫ লাখ ভোটাৰো আছে বুলি তেওঁ দাবী কৰিছিল। এই বিসংগতিৰ কাৰণ জানিবলৈ ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক এখন স্মাৰকপত্ৰ দাখিল কৰা বুলিও জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে নিৰ্বাচন আয়োগ এখন স্বতন্ত্ৰ সাংবিধানিক সংস্থা বুলিও তেওঁ মন্তব্য কৰিছিল।
যোগী আদিত্যনাথৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মঙলবাৰে মুখ্য নিৰ্বাচনী বিষয়া নবদীপ ৰিণৱাই কয় যে ভোটাৰৰ নাম, পিতৃ বা স্বামী-স্ত্ৰীৰ নাম, বয়স, ঘৰৰ নম্বৰ আৰু লিংগৰ দৰে তথ্যহে নিৰ্বাচন বিভাগৰ তথ্যভাণ্ডাৰত থাকে। ইয়াত ধৰ্ম বা জাতিৰ কোনো তথ্য অন্তৰ্ভুক্ত কৰা নহয়। সেয়েহে ধৰ্মৰ ভিত্তিত ভোটাৰৰ সংখ্যা নিৰ্ধাৰণ কৰা বা সেই সন্দৰ্ভত চৰকাৰী তথ্য প্ৰকাশ কৰাৰ কোনো ব্যৱস্থা নিৰ্বাচন বিভাগৰ নাই।
তেওঁ লগতে কয় যে ভোটাৰ তালিকা এখন ৰাজহুৱা নথি হোৱা বাবে সংবাদমাধ্যম আৰু বিভিন্ন স্বতন্ত্ৰ বিশ্লেষকে ভোটাৰৰ নাম আৰু উপলব্ধ তথ্যৰ আধাৰত নিজাববীয়াকৈ বিশ্লেষণ চলাব পাৰে। কিন্তু এনে বিশ্লেষণক নিৰ্বাচন বিভাগৰ চৰকাৰী তথ্য বা সিদ্ধান্ত হিচাপে গণ্য কৰিব নোৱাৰি।
ইফালে ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত মুঠ ১৩ কোটি ৫৮ লাখ ৬৮ হাজাৰ ৯০৫ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত ৭ কোটি ৩৮ লাখ ৫৮ হাজাৰ ৫১০ গৰাকী পুৰুষ, ৬ কোটি ২০ লাখ ৬ হাজাৰ ৩৫৩ গৰাকী মহিলা আৰু ৪,০৪২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে বুলি জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী বিষয়া ৰিণৱাই।
তালিকাখনত ১৮-১৯ বছৰ বয়সৰ ১১ লাখ ৮৩ হাজাৰ ৩৫২ গৰাকী নতুন ভোটাৰৰ নামো অন্তৰ্ভুক্ত হৈছে। বিশেষ নিবিড় সংশোধনৰ পিছত ২০২৬ চনৰ ১০ এপ্ৰিলত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত নতুন খচৰা তালিকাত ভোটাৰৰ সংখ্যা ১৮ লাখ ৮৪ হাজাৰ ১১৩ গৰাকী বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত কেৱল বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াৰ সময়ছোৱাতেই ১৮ লাখৰো অধিক ভোটাৰ বৃদ্ধি হোৱা বুলি তেওঁ উল্লেখ কৰে।
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, ১৭ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ ভোটাৰ তালিকাক লৈ দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। এই সময়ছোৱাত যোগ্য নাগৰিকে নতুনকৈ নাম অন্তৰ্ভুক্তি, ভুল তথ্য সংশোধন অথবা নাম কৰ্তনৰ বাবে নিৰ্দিষ্ট প্ৰ-পত্ৰ ৬, ৭ আৰু ৮ৰ জৰিয়তে আবেদন কৰিব পাৰিব। ২৮ ডিচেম্বৰৰ ভিতৰত সকলো দাবী আৰু আপত্তিৰ নিষ্পত্তি কৰাৰ পিছত ২০২৭ চনৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।
ৰিণৱাই লগতে স্পষ্ট কৰি দিয়ে যে ভোটাৰ তালিকা বছৰটোৰ গোটেই সময়ছোৱাতে সংশোধনৰ বাবে মুকলি থাকে। সেয়েহে চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতো যোগ্য নাগৰিকে নিজৰ নাম অন্তৰ্ভুক্তি, কৰ্তন বা তথ্য সংশোধনৰ বাবে আবেদন কৰিব পাৰিব।
এই প্ৰক্ৰিয়া সহজ কৰাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ ১ লাখ ৭৩ হাজাৰ ৭৩০টা ভোটগ্ৰহণ কেন্দ্ৰত বিশেষ শিবিৰৰ আয়োজন কৰা হ’ব। ২১, ২২, ২৮ আৰু ২৯ নৱেম্বৰত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই শিবিৰসমূহ চলিব।





