দুলীয়াজানৰ একেটা পৰিয়ালৰ তিনিজন সদস্যক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ তদন্তত নতুন মোৰ। হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন লোক দুজনৰ নাম ৰাজু দাস আৰু অমৃত দাস। কলকাতালৈ পলায়নৰ চেষ্টা কৰাৰ সময়তে শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’ল ষ্টেচনত অৱধ অসম এক্সপ্ৰেছৰ পৰা তেওঁলোকক আটক কৰা হয়। ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্তৰ অংশ হিচাপে মৰাণ আৰু সোণাৰি আৰক্ষীয়ে চৰকাৰী ৰে’ল আৰক্ষীৰ সহযোগত যুটীয়াভাৱে অভিযান চলাই লোক দুজনক আটক কৰে।
উল্লেখ্য যে যোৱা ১৬ নৱেম্বৰত দুলীয়াজানৰ কমলাবাৰী অঞ্চলৰ নিজৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ। নিহতসকল হৈছে চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞা। ঘৰৰ ভিতৰতে তিনিওগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
আৰক্ষীৰ তদন্তত পৰিয়ালটোৰ সৈতে পৰিচিত লোকৰ এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে, ৰাজু দাসে ভূঞাৰ পৰিয়ালটোৰ ঘৰত ভাড়াতীয়া হিচাপে এটা কোঠাত বাস কৰিছিল। মৃতদেহ উদ্ধাৰৰ দিনা অৰ্থাৎ ১৬ নৱেম্বৰৰ পৰাই তেওঁৰ ম’বাইল ফোন বন্ধ হৈ আছিল। ইয়াৰ পিছতে তেওঁৰ সন্ধানহীনতাক লৈ আৰক্ষীৰ সন্দেহ অধিক ঘনীভূত হৈছিল।
আনহাতে, স্থানীয় লোকৰ দাবী অনুসৰি, হত্যাকাণ্ড সংঘটিত হোৱা দিনটোত অঞ্চলটোত দুজন সন্দেহজনক যুৱকৰ আহ-যাহ দেখা গৈছিল। স্থানীয় একাংশ লোকৰ সন্দেহ, সেই দুজনৰ ভিতৰত ৰাজু দাসো আছিল। অৱশ্যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কোনো সিদ্ধান্তত উপনীত নহ’বলৈ ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে। ঘটনাৰ প্ৰকৃত সময়ক্ৰম আৰু আটকাধীন লোক দুজনৰ ভূমিকা তদন্তৰ পিছতহে স্পষ্ট হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
প্ৰণিধানযোগ্য যে ঘৰৰ দুৱাৰ বন্ধ হৈ থকা আৰু ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাৰ পিছতে এগৰাকী প্ৰতিবেশীয়ে আৰক্ষীক খবৰ দিছিল। লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলে বন্ধ ঘৰটোৰ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰে। তেতিয়াই উদ্ধাৰ হয় তিনিওগৰাকী সদস্যৰ মৃতদেহ। চন্দ্ৰকান্ত ভূঞাৰ মৃতদেহ ঘৰৰ বহা কোঠাত, পত্নী এলিজা ভূঞাৰ মৃতদেহ পাকঘৰত আৰু কন্যা নিহাৰিকা ভূঞাৰ মৃতদেহ আন এটা কোঠাত উদ্ধাৰ কৰা হৈছিল।
ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে জানিবলৈ দিয়া মতে, তিনিওগৰাকী লোকৰে মূৰ আৰু শৰীৰৰ আন অংশত আঘাতৰ চিন পোৱা গৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত হ’ব।
বৰ্তমান আৰক্ষীয়ে আটকাধীন দুয়োজন লোকক লৈ তদন্ত অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডৰ আঁৰত কি কাৰণ জড়িত হৈ আছে, কেনেদৰে সংঘটিত হৈছিল তিনিওটা হত্যাকাণ্ড আৰু ইয়াত আন কোনো লোক জড়িত আছে নেকি, সেই সকলো দিশ পৰীক্ষা কৰি আছে তদন্তকাৰী দলে।





