NORTHEAST NOW (Assamese)
ক্ৰীড়া

প্ৰতিবাদঃ সাক্ষী মালিকলৈ সমৰ্থন আগবঢ়াই পদ্মশ্ৰী ঘূৰালে মল্লযুঁজাৰু বীৰেন্দ্ৰ সিঙে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2023 5:18 pm
Virender Singh Yadav wrestlers protest

পুনৰ এক প্ৰতিবাদ গঢ়ি তুলিছে দেশৰ মল্লযুঁজাৰুসকলে। ব্রিজ ভূষণ শৰণ সিঙৰ এগৰাকী ঘনিষ্ঠ সহায়ক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ পিছতে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ।

বৃহস্পতিবাৰে নিৰ্বাচনী ফলাফলৰ পিছতে প্ৰতিবাদস্বৰূপে কেৰিয়াৰ সামৰাৰ কথা ঘোষণা কৰিছিল সাক্ষী মালিকে। আনহাতে কালি দেশৰ আন এগৰাকী তাৰকা মল্লযুঁজাৰু তথা আন্দোলনৰ নেতৃত্বত থকা বজৰং পুনিয়াই প্ৰতিবাদস্বৰূপে ঘূৰাই দিয়ে দেশৰ চতুৰ্থ শীৰ্ষ অসামৰিক সন্মান পদ্মশ্ৰী।

ইয়াৰ পিছতে আজি দেশৰ আন এগৰাকী প্ৰখ্যাত মল্লযুঁজাৰু বীৰেন্দ্ৰ সিঙে সাক্ষী মালিকলৈ সমৰ্থন আগবঢ়াই পদ্মশ্ৰী সন্মান ঘূৰাই দিব বুলি ঘোষণা কৰিছে। এক টুইট যোগে এই ঘোষণা কৰে তিনিবাৰকৈ বধিৰ অলিম্পিকত স্বৰ্ণ তথা এবাৰ বিশ্ব বধিৰ মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ী ‘গুংগা পেহেলৱান’খ্যাত বীৰেন্দ্ৰ সিঙে।

টুইটটোত তেওঁ সাক্ষী মালিকক ভগ্নী তথা দেশৰ কন্যা বুলি উল্লেখ কৰি মালিকৰ সমৰ্থনত পদ্মশ্ৰী ঘূৰাই দিব বুলি ঘোষণা কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি সিঙে মালিকক লৈ তেওঁ গৰ্ব কৰে বুলিও টুইটটোত উল্লেখ কৰে।

বীৰেন্দ্ৰ সিঙে লগতে দেশৰ শীৰ্ষ খেলুৱৈসকলকো এই বিষয়ত সঁহাৰি জনাবলৈ অনুৰোধ জনায়। উক্ত টুইটটোত তেওঁ দেশৰ কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু অলিম্পিক স্বৰ্ণ জয়ী তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাকো টেগ কৰে।

 

উল্লেখ্য যে বজৰং পুনিয়াই শুকুৰবাৰে পদ্মশ্ৰী পদক ঘূৰাই দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ বাসভৱন লোক কল্যাণ মাৰ্গত উপস্থিত হৈছিল যদিও তেওঁক প্ৰৱেশত বাধা দিয়া হয় আৰু সেয়ে এটা পদপথত পদ্মশ্ৰী পদক থৈ আহে পুনিয়াই।

প্ৰধানমন্ত্ৰী মোদীলৈ এই বিষয়ত এক আৱেগিক পত্ৰ লিখে মল্লযুঁজাৰুগৰাকীয়ে। পুনিয়াই পত্ৰখনত বৃহস্পতিবাৰে নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি সাংসদ, ফেডাৰেচনৰ পূৰ্বৰ সভাপতি তথা যৌন নিৰ্যাতনৰ অভিযুক্ত ব্রিজ ভূষণ শৰণ সিঙৰ মন্তব্যৰ কথা আঙুলিয়াই দিয়ে।

উল্লেখ্য যে ফলাফল প্ৰকাশ পোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত ব্ৰিজ ভূষণে আমাৰ আধিপত্য অব্যাহত থাকিব বুলি এক চাঞ্চল্যকৰ মন্তব্য কৰিছিল। ইয়াৰ পিছতে দেশৰ আন এগৰাকী প্ৰখ্যাত মল্লযুঁজাৰু বিনেশ ফ’গাটে মহিলা মল্লযুঁজাৰুসকল এতিয়া অধিক হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি শংকা প্ৰকাশ কৰিছিল।