NORTHEAST NOW (Assamese)
দেশ

চিকিৎসাৰ বাবে ভাৰতলৈ আহি দুৰ্দশা বিদেশী ব্যক্তিৰঃ ভুৱা আৰক্ষীয়ে লুটিলে ১৬ হাজাৰ মাৰ্কিন ডলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 26, 2023 8:44 am
Police Constables Arrested

চিকিৎসাৰ বাবে ভাৰতলৈ আহি এক কু-চক্ৰৰ হাতত লুণ্ঠিত হ’বলগীয়া হৈছে তিনিজন উজবেকিস্তান ভাতৃ। গুৰুগ্ৰামৰ ছেক্টৰ ৫৩ত ভুৱা আৰক্ষীৰ এটা দলে ১৬ হাজাৰ মাৰ্কিন ডলাৰ লুটি নিলে তিনি ভাতৃৰ পৰা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উজবেকিস্তানৰ বাসিন্দা ছ’বিৰয় বটিৰে নিজৰ দুই ভাতৃৰ সৈতে চিকিৎসাৰউদ্দেশ্যে গুৰুগ্ৰামত আছে। স্থানীয় এখন চিকিৎসালয়ত তেওঁৰ বৃক্ক সংৰোপণ হোৱাৰ কথা।

শনিবাৰে নিশা প্ৰায় ৯ বজাত বটিৰ আৰু তেওঁৰ ভাতৃদ্বয়ে এটা মলৰ পৰা নিজৰ হোটেললৈ উভতি আহি থাকোঁতেই হোটেলৰ পৰা প্ৰায় ১০০ মিটাৰ আগত এখন গাড়ীত অহা কেইজনমান লোকে তেওঁলোকক ৰখাই দিয়ে।

গাড়ীত থকা লোকসকলে নিজকে আৰক্ষী বুলি পৰিচয় দিয়ে আৰু আইডি কাৰ্ড দেখুৱাই বটিৰ আৰু তেওঁৰ ভাতৃদ্বয়ৰ বেগ পৰীক্ষা কৰা হ’ব বুলি কয়।

তিনি ভাতৃৰ পাছপ’ৰ্ট পৰীক্ষা কৰাৰ পিছতে আৰক্ষীৰ পৰিচয় দিয়া এজনে বটিৰৰ বেগটো পৰীক্ষাৰ বাবে লয় আৰু চতুৰতাৰে বেগৰ পৰা ১৬ হাজাৰ মাৰ্কিন ডলাৰ উলিয়াই লয় আৰু লগে লগে দলটো গাড়ীত উঠি সেই

এই ঘটনাৰ পিছতে তেওঁলোকে আশ্ৰয় লৈ থকা হোটেলখনৰ মেনেজাৰক বটিৰে ঘটনাৰ বিষয়ে অৱগত কৰে আৰু তেওঁৰ সহায়ত স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯এ, ৪১৯, আৰু ৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয় বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

অঞ্চলটোৰ চিচিটিভি ফুটেজৰ সহায়ত অভিযুক্তক চিনাক্ত কৰিবলৈ চেষ্টা চলাই থকা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী বিষয়াজনে লগতে সদৰী কৰে।