NORTHEAST NOW (Assamese)
দেশ

গুলীৰ আঘাত লৈ ৮ বছৰ থাকিল ক’মাতঃ অৱশেষত চকু মুদিলে লেফটেনেণ্ট কৰ্ণেল নাটে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 26, 2023 10:34 am
Karanbir Singh Natt

২০১৫ চনৰ ২২ নৱেম্বৰত জম্মু-কাশ্মীৰৰ কুপৱাৰা অঞ্চলত সেনাই চলাইছিল এক সন্ত্ৰাস বিৰোধী অভিযান। এই অভিযানত সন্ত্ৰাসবাদীৰ গুলীয়ে আঘাত হানিছিল ১৬০ ইনফেণ্ট্ৰি বেটেলিয়ন টি এ (জম্মু আৰু কাশ্মীৰ ৰাইফলছ)ৰ দ্বিতীয় কমাণ্ড লেফটেনেণ্ট কৰ্ণেল কে বি এছ নাটৰ দেহত।

গুৰুতৰভাৱে আহত বিষয়াজনক লগে লগে বিমানযোগে শ্ৰীনগৰলৈ লৈ যোৱা হয় আৰু তাৰ পিছত দিল্লীৰ সেনাৰ ৰিচাৰ্চ এণ্ড ৰেফাৰেল চিকিৎসালয়লৈ লৈ যোৱা হয়। সেই সময়ত কৰ্ণেল নাট জীৱিত আছিল যদিও তেওঁৰ দেহত নাছিল চেতনা তথা সজাগতাৰ কোনো লক্ষণ।

এনে অৱস্থাত বিষয়াজন ক’মালৈ যোৱা বুলি ঘোষণা কৰে চিকিৎসকে। ২০১৫ চনৰ পৰা ২০২৩ চনলৈ সুদীৰ্ঘ এই ৮টা বছৰত নাট সুস্থ অৱস্থালৈ ঘূৰি অহাৰ কোনো লক্ষণ পৰিলক্ষিত নহ’ল, আৰু তেনেকৈয়ে ৮ বছৰীয়া যুঁজৰ অন্তত দেওবাৰে চিৰদিনৰ বাবে চকু মুদিলে লেফটেনেণ্ট কৰ্ণেল কৰণবীৰ সিং নাটে।

নাটৰ এই মৰ্মান্তিক মৃত্যুৱে এতিয়া শোকাহত কৰি তুলিছে সকলোকে। লেফটেনেণ্ট কৰ্ণেল নাটৰ ৰেজিমেণ্টৰ কমাণ্ডিং অফিচাৰ হিচাপে কৰ্মৰত কৰ্ণেল অনিল আলাঘে (অৱসৰপ্ৰাপ্ত) ২০১৮ চনত লেফটেনেণ্ট কৰ্ণেল নাট সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছিল এক আৱেগিক পোষ্ট।

এই পোষ্টতোত কৰ্ণেল অনিল আলাঘে কৰ্ণেল নাট ক’মালৈ যোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ সংগ্ৰাম আৰু তেওঁলোক কি অৱস্থাৰ মাজেৰে এই সময়ছৱাত পাৰ হৈ আহিছে সেই বিষয়ে উল্লেখ কৰিছিল। কৰ্ণেল নাটৰ পত্নী নভ্ৰিতৰ অনুৰোধত এই পোষ্টটো লিখিছিল কৰ্ণেল আলাঘে।

নাটৰ পৰিয়ালৰ আসহনীয় অৱস্থা বৰ্ণনা কৰিবলৈ কোনো শব্দ বিচাৰি পোৱা নাই বুলি উল্লেখ কৰিছিল কৰ্ণেল আলাঘে। কৰ্ণেল নাটৰ দুই সন্তান গুনীত আৰু আছমীতে পিতৃ সুস্থ অৱস্থালৈ ঘূৰি অহালৈ কৰা প্ৰতীক্ষা আৰু পিতৃৰ সৈতে কটাব বিচৰা সুখকৰ মুহূৰ্তৰ বিষয়ে বৰ্ণনা কৰি ভাবুক হৈ পৰিছিল আলাঘ।

পিতৃৰ এনে অৱস্থা হ’লেও দুই সন্তানে ভাবিছিল এই অৱস্থা হ’লেও পিতৃ ওচৰত আছে আৰু সদায় থাকিব লাগে। কিন্তু তেওঁলোকৰ সেই আশা পূৰণ নহ’ল। দেওবাৰে পৰিয়ালক দুখত ম্ৰিয়মাণ কৰি বিদায় ল’লে কৰ্ণেল নাটে।

লেফটেনেণ্ট কৰ্ণেল নাট আছিল এজন অভিজ্ঞ বিষয়া। প্ৰায় ২০ বছৰ ধৰি সেনাবাহিনীত সেৱা আগবঢ়াইছিল নাটে। টেৰিটৰিয়েল আৰ্মীত যোগদান কৰাৰ পূৰ্বে লেফটেনেণ্ট কৰ্ণেল নাটে ১৯৯৭ চনত চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমী (অ’টিএ)ৰ পৰা পাছ আউট হোৱাৰ পিছত নিয়মীয়া সেনাবাহিনীত যোগদান কৰিছিল।

দহ বছৰতকৈও অধিক সময় সেৱা আগবঢ়োৱাৰ পিছত তেওঁ সেনাবাহিনী এৰি যায় যদিও এই সেৱাৰ প্ৰতি তেওঁৰ মোহৰ বাবে পুনৰ তেওঁ টেৰিটৰিয়েল আৰ্মীত যোগদান কৰে। দেশ সেৱাৰ নামত নিজকে সমৰ্পণ কৰা সেনাৰ পদক বিজয়ী লেফটেনেণ্ট কৰ্ণেলগৰাকীয়ে অৱশেষত ৮ বছৰীয়া যুঁজৰ অন্তত মেলানি মাগে।