NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী এপ’ল’ হস্পিতালত ছুপাৰ স্পেচিয়েলটি স্নাতকোত্তৰ চিকিৎসা শিক্ষা পাঠ্যক্ৰম আৰম্ভ

Posted by: এন ই নাও নিউজ May 12, 2018 5:59 pm
Apollo Hospitals Guwahati

গুৱাহাটী এপ’ল’ হস্পিতালত ‘Nurses a voice to lead- Health is a Human Right’ শীৰ্ষক বাণীৰে আজি আন্তঃৰাষ্ট্রীয় নাৰ্ছ দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে চিকিৎসালয়খনৰ চৌহদত বন্তি প্ৰজ্বলনেৰে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে গুৱাহাটী এপল’ হাস্পিতালে ‘গেছট্ৰ’এনটেৰ’ল’জি’, ‘জেনেৰেল মেডিচিন’ আৰু ‘পেডিয়াট্ৰিকছ’ত ছুপাৰ স্পেচিয়েলটি স্নাতকোত্তৰ চিকিৎসা শিক্ষা পাঠ্যক্ৰমৰ বাবে অলপতে অনুমোদন লাভ কৰিছে।

নেশ্যনেল ব’ৰ্ড অব এডুকেশ্যন আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে উক্ত শিক্ষা পাঠ্যক্ৰমসমূহৰ বাবে অনুমোদন প্ৰদান কৰে।

উপৰোক্ত পাঠক্ৰম কেইটাৰ উপৰি চিকিৎসালয়খনত নেফ্ৰ’ল’জি, ক্ৰিটিকেল কেয়াৰ মেডিচিন আৰু নিউৰ’ছাৰ্জাৰিত ছুপাৰ স্পেচিয়েলটি তথা এনাছথেছিয়াত স্পেচিয়েলটি পাঠ্যক্ৰম সোনকালে আৰম্ভ কৰা হ’ব।

গেছট্ৰ’এনটেৰ’ল’জিত ছুপাৰ স্পেচিয়েলটি পাঠ্যক্ৰম থকা গুৱাহাটী এপল’ হাস্পিতালে হৈছে উত্তৰ-পূবৰ একমাত্ৰ কেন্দ্ৰ।