NORTHEAST NOW (Assamese)
Popular Stories

পোহনীয়া কুকুৰৰ কাণ্ড! খাই পেলালে নগদ ৩ লাখ ৩৩ হাজাৰ টকা, মূৰে-কপালে হাত দম্পতীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2024 11:19 am

পোহনীয়া কুকুৰৰ কাণ্ড শুনিলে চকু কপালত উঠিব। খাই পেলালে নগদ চাৰি হাজাৰ ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় ৩ লাখ ৩৩ হাজাৰ টকা।

এই ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত। এহাল দম্পতীৰ সন্মুখতে তেওঁলোকৰ মৰমৰ পোহনীয়া কুকুৰটোৱে তেওঁলোকৰ ৪ হাজাৰ ডলাৰ চোবাই খাইছিল।

এই ঘটনাত স্তম্ভিত হৈ পৰে দম্পতীহাল। তেওঁলোকে অসহায় হৈ থিয় হৈ দৃশ্যটো চোৱাৰ বাহিৰে একো কৰিব নোৱাৰিলে।

লগতে পঢ়কঃ `পুত্ৰ তেতিয়ালৈকে নিজৰ হৈ থাকে যেতিয়ালৈকে বোৱাৰী নাহে’- মন্তব্য দেশৰ `পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ’!

৩৩ বছৰীয়া কেৰী ল’ৱে কয় যে তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে পাকঘৰৰ কাউণ্টাৰত থকা ধনখিনিৰ ওপৰত জপিয়াই পৰিছিল। তাৰ পিছত টকাবোৰ চোবাই খাবলৈ ধৰে। বিশেষ প্ৰয়োজনৰ বাবে বেংকৰ পৰা টকাখিনি আনি পাকঘৰৰ কাউণ্টাৰত ৰাখিছিল বুলি দম্পতীহালে কয়।

View this post on Instagram

A post shared by Carrie Law (@ooolalaw)

দম্পতীহালে কুকুৰটোৰ মুখৰ পৰা টকাখিনি উলিয়াই আনিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। জানিব পৰা মতে, বেংকে ফাটি যোৱা যিবোৰ নোটৰ ছিৰিয়েল নম্বৰ দেখা গৈছে, সেইবোৰ সলনি কৰি দিছে।