NORTHEAST NOW (Assamese)
অসম

বাইপোলাৰ ডিছঅৰ্ডাৰ! ধূমপানতকৈও অধিক ক্ষতিকাৰক; গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2024 12:25 pm

বাইপোলাৰ ডিছঅৰ্ডাৰ (bipolar disorder) হৈছে বিশ্বৰ ১ শতাংশ বা তাতকৈ অলপ বেছি জনসংখ্যাক প্ৰভাৱিত কৰা এক মানসিক বিকাৰ। সাধাৰণতে যৌৱন কালত আৰম্ভ হয়। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে দীৰ্ঘম্যাদী বাইপোলাৰ ডিছঅৰ্ডাৰৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থাকিব পাৰে।

এই মাৰাত্মক ৰোগ কম বয়সীয়া আৰু কৰ্মক্ষম বয়সৰ লোকৰ অক্ষমতাৰ অন্যতম প্ৰধান কাৰণ হ’ব পাৰে। গৱেষকসকলে কয় যে ধূমপানৰ ফলত হোৱা ক্ষতিতকৈ এই ৰোগে শৰীৰৰ অধিক ক্ষতি কৰিব পাৰে।

গৱেষকৰ বৰ্তমানৰ প্ৰমাণসমূহে দেখুৱাইছে যে পিতৃ-মাতৃৰ পৰা বাইপোলাৰ ডিছঅৰ্ডাৰ আৰম্ভ হোৱাটোৱেই এজন ব্যক্তিৰ বাবে আটাইতকৈ বেছি বিপদজনক কাৰক। এই ৰোগত ব্যক্তিজনে দুবিধ মানসিকতাৰে একেলগে জীয়াই থাকে। কেতিয়াবা বৰ উল্লাসিত হয়, কেতিয়াবা বৰ হতাশ হৈ পৰে, যাৰ পৰা আত্মহত্যাৰ ৰিস্ক লোৱাটোও অসম্ভৱ নহয়। শৈশৱত অত্যধিক মাৰপিট বা যৌন নিৰ্যাতন, বয়সৰ লগে লগে অত্যধিক উদ্বেগ, চিন্তা, ভয় ইত্যাদিৰ পৰা এই ৰোগ হ’ব পাৰে।

লগতে পঢ়কঃশিহৰণকাৰী ঘটনা! নিজৰ ৪ বছৰীয়া পুত্ৰক লগত লৈ গোৱালৈ অহা মহিলা চিইঅ’ই বেগত লৈ উভতিল…

শেহতীয়াকৈ আমেৰিকাৰ চাইকিয়াট্ৰি হেল্থ নামৰ আলোচনীখনত এই বিষয়ে এক অধ্যয়ন কৰা হৈছে। বাইপোলাৰ ডিছঅৰ্ডাৰত আক্ৰান্ত আৰু ধূমপানৰ প্ৰতি আসক্ত এই দুই প্ৰকাৰৰ ব্যক্তিক লৈ গৱেষণা কৰা হৈছিল। অধ্যয়নত দেখা গৈছে যে বাইপোলাৰ ডিছঅৰ্ডাৰ নথকা লোকৰ মৃত্যুৰ হাৰ কম। বাইপোলাৰ ৰোগীৰ  মৃত্যুৰ হাৰ তাৰ তুলনাত ৪-৫ গুণ বেছি।

কেৱল সেয়াই নহয়, বাইপোলাৰ ডিছঅৰ্ডাৰক আন ৰোগৰ লগত তুলনা কৰা হৈছে। উদাহৰণস্বৰূপে, ধূমপানৰ ফলত হোৱা মৃত্যুৰ তুলনাত গৱেষকসকলে বাইপোলাৰৰ ভয়াৱহতা দেখুৱাইছে।

লগতে পঢ়কঃজাৰ্মানীৰ বিশ্বজয়ী ফুটবলাৰ তথা প্ৰশিক্ষক কিংবদন্তি ফ্ৰাঞ্জ বেকেনবাউৰৰ দেহাৱসান

ধূমপান কৰা গোটৰ মৃত্যুৰ হাৰ ধূমপান নকৰা গোটতকৈ দুগুণ বেছি আছিল। আনহাতে, ৬০ বছৰৰ ওপৰৰ লোকৰ মৃত্যুৰ হাৰ ৬০ বছৰৰ তলৰ লোকতকৈ দুগুণ বেছি। ফলত এই দুটা তুলনামূলক পৰীক্ষাৰ হিচাপত বাইপোলাৰ ডিছঅৰ্ডাৰ অধিক ক্ষতিকাৰক।