NORTHEAST NOW (Assamese)
অসম

ঘন কুঁৱলীৰ বাবে গুৱাহাটীত নোৱাৰিলে; ঢাকাত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2024 1:17 pm

ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমান বাংলাদেশৰ ৰাজধানী ঢাকাত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়।

ঘন কুঁৱলীৰ বাবে গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰা বিমানখনে পুৱা প্ৰায় ৪ বজাত ঢাকা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।

এই ঘটনাত যাত্ৰীসকল বিৰক্ত হৈ পৰে। বহুতে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে। বিমানখনত আছিল মুম্বাই কংগ্ৰেছৰ প্ৰাক্তন যুৱ সভাপতি সুৰজ সিং ঠাকুৰ। ইম্ফলত ভাৰত ন্যায় জোড়ো যাত্ৰাত যোগদান কৰিবলৈ আহিছিল। কিন্তু গুৱাহাটী বিমানবন্দৰত নামিব নোৱাৰাৰ বাবে ক্ষোভ উজাৰি দিলে।

লগতে পঢ়কঃ শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

বিমানখনত এতিয়াও যাত্ৰী থকা বুলি জানিব পৰা গৈছে। পুনৰ কেতিয়া বিমান উৰিব সেয়াও নিশ্চিত নহয়। বহু সময় বিমানত বহি থকাৰ পিছত যাত্ৰীসকল ক্লান্ত আৰু বিৰক্ত হৈ পৰে।

ইণ্ডিগ’ কৰ্তৃপক্ষই এই বিমানখন পুনৰ কেতিয়া গুৱাহাটী অভিমুখে ৰাওনা হ’ব সেয়াও নিশ্চিত কৰিব পৰা নাই।