NORTHEAST NOW (Assamese)
Popular Stories

গুৰগাঁৱত গুলীয়াই হত্যা, হাৰিয়ানাৰ ডোঙাৰ পৰা উদ্ধাৰ মডেল দিব্যা পাহুজাৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 13, 2024 3:12 pm

যোৱা সপ্তাহত গুৰগাঁৱৰ এখন হোটেলত ২৭ বছৰীয়া মডেল দিব্যা পহুজাক গুলীয়াই হত্যা কৰা হৈছিল। দীৰ্ঘদিন ধৰি নিখোজ হৈ থকা মডেল দিব্যা পাহুজাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

দিব্যাৰ হত্যাকাণ্ডৰ অন্যতম প্ৰধান অভিযুক্ত হৈছে বলৰাজ গীল। দীৰ্ঘদিন পলাতক হৈ থকাৰ পিছত বৃহস্পতিবাৰে আৰক্ষীয়ে বলৰাজক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে।

লগতে পঢ়কঃ শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

বাতৰি অনুসৰি, বলৰাজে আৰক্ষীক জনোৱা মতে ২ জানুৱাৰীত হত্যাকাণ্ডৰ পিছত অভিজিতে তেওঁক ১০ লাখ টকাৰ বিনিময়ত মৃতদেহ লুকুওৱাৰ দায়িত্ব দিছিল। পিছদিনা বলৰাজ আৰু তেওঁৰ বন্ধু ৰবি বাঙাই দিব্যাৰ মৃতদেহ পাটিয়ালাৰ এটা ডোঙাত (Canal) পেলাই দি আহে।

বলৰাজৰ স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ অভিযান চলায়। অৱশেষত আৰক্ষীয়ে হাৰিয়ানাৰ এটা ডোঙাৰ পৰা মডেল দিব্য পাহুজাৰ মৃতদেহ উদ্ধাৰ কৰে। দিব্যা পাহুজাৰ ভগ্নী নয়না পাহুজাই তেওঁৰ পিঠিৰ টেটুৰ পৰা মৃতদেহটো চিনাক্ত কৰে। গুৰগাঁও আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি বিজয় কুমাৰে এই কথা নিশ্চিত কৰিছে।

লগতে পঢ়কঃ নট আউট ১১২! ইতিমধ্যে ৭ বাৰ বিবাহিত, তাৰ পিছতো পুনৰ বিয়াত বহিব বিচাৰে এই ‘যুৱতী’!

গুৰগাঁও আৰক্ষীয়ে জনোৱা মতে, দিব্যাৰ পৰিয়ালে যোৱা ২ জানুৱাৰীত দিব্যাৰ নিখোজ ডায়েৰী দাখিল কৰিছিল। দিব্যাই পৰিয়ালৰ লোকক অৱগত কৰে যে তেওঁ বৰ্তমানৰ প্ৰেমিক তথা হোটেলৰ মালিক অভিজিতৰ সৈতে নৱবৰ্ষৰ দিনা ওলাই গৈছিল। ১ জানুৱাৰীৰ পৰা ২ জানুৱাৰীৰ ভিতৰত দিব্যাইও পৰিয়ালৰ সৈতে দুই এবাৰ ফোনত কথা পাতিছিল।