NORTHEAST NOW (Assamese)
দেশ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2025 6:03 pm
দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

শুকুৰবাৰে পুৱাই নিয়ন্ত্ৰণ ৰেখাৰ কাষত গোলাবৰ্ষণ আৰু বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আকোৱালি ল’লে  অন্ধ্ৰ প্ৰদেশৰ সত্য সাই জিলাৰ ২৫ বছৰীয়া জোৱান এম মুৰালি নাইকে

পুৱা ৬ বজাত সেনাৰ জ্যেষ্ঠ বিষয়াই নাইকৰ মাতৃক ফোনযোগে দিয়ে এই হৃদয় বিদাৰক খবৰ। বৃহস্পতিবাৰে পুৱা ৩ৰ পৰা ৩:৩০ বজাৰ ভিতৰত পাকসেনাই বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ সময়ত বীৰ জোৱানজনে মৃত্যুক আকোৱালি লয়।

জানিব পৰা মতে, ২০২২ চনৰ ডিচেম্বৰ মাহত মুৰালীয়ে সেনাবাহিনীত যোগদান কৰিছিল। ভাৰতীয় সেনাৰ ৮৫১ লাইট ৰেজিমেণ্টত কৰ্মৰত আছিল মুৰালী।

উল্লেখ্য যে মুৰালীৰ পিতৃ-মাতৃয়ে মুদাৱথ শ্ৰীৰাম আৰু জ্যোতিবাইয়ে মুম্বাইৰ নিৰ্মাণ উদ্যোগত শ্ৰমিক হিচাপ্ৰ কাম কৰিছিল আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ মুৰালীয়ে সেনাবাহিনীত যোগদান কৰাৰ পিছত নিজৰ গাঁৱলৈ উভতি আহিছিল। শেষবাৰৰ বাবে ৬ জানুৱাৰীত ১৫ দিনৰ ছুটী লৈ ঘৰলৈ আহিছিল মুৰালী

মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে মুৰালীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পিতৃ-মাতৃক সমবেদনা জ্ঞাপন কৰিছে।