NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শ্ৰীলংকাৰ থাৰাংগা পাৰানাভিটানাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2020 1:44 pm

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে শ্ৰীলংকাৰ বাওঁহতীয়া বেটছমেন থাৰাংগা পাৰানাভিটানাই।

বৃহস্পতিবাৰে শ্ৰীলংকা ক্ৰিকেটে এটা বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

বিজ্ঞপ্তিটোত কয়, ‍‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা শ্ৰীলংকাৰ ক্ৰিকেটাৰ থাৰাংগা পাৰানাভিটানাই অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। শ্ৰীলংকা ক্ৰিকেটক তেওঁ এই কথা জনাইছে’।

৩৮ বছৰীয়া থাৰাংগাই শ্ৰীলংকাৰ হৈ ৩২খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত অংশ লৈ দুটা শতক আৰু ১১টা অৰ্ধ-শতকেৰে মুঠ ১,৭৯২ ৰান সংগ্ৰহ কৰিছে।

২০০৯ চনত পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটা থাংৰাগাই নিজৰ কেৰিয়াৰৰ অন্তিমখন টেষ্ট মেচ ২০১২ চনৰ নৱেম্বৰ মাহত খেলিছিল।

দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থাকিবলৈ হোৱা হেতুকে ক্ৰিকেটাৰ গৰাকীয়ে অৱসৰ লোৱাৰ সিদ্ধান্ত লয় বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে অলপতে ভাৰতীয় ক্ৰিকেট দলৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু ভাৰতীয় দলৰে আন এজন সফল বেটছমেন সুৰেশ ৰাইনাইও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।