NORTHEAST NOW (Assamese)
Popular Stories

শীঘ্ৰেই প্ৰধান মন্ত্ৰী পদ এৰিব জাপানৰ প্ৰধান মন্ত্ৰী চিনজ’ এবেই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2020 1:09 pm

শাৰিৰীক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ প্ৰধান মন্ত্ৰী চিনজ’ এবেই শীঘ্ৰেই প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব।

দীৰ্ঘদিনৰ পৰা বেমাৰত ভুগি থকা এবেই অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে প্ৰধান মন্ত্ৰী পদ এৰিব বুলি ৰাজহুৱা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী গৰাকীক যোৱা সপ্তাহত দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হৈছিল।

জাপানৰ এন এচ কে টেলিভিশ্যনৰ লগতে আন আন মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধান মন্ত্ৰী চিনজ’ এবেই নিজৰ শাৰিৰীক অসুস্থতাৰ কথা দোহাৰি নিজৰ পদ এৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

অৱশ্যে এই খবৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰী কাৰ্যালয়ে এতিয়াও কোনো নিশ্চয়তা প্ৰদান কৰা নাই।

ইয়াৰ পূৰ্বে এবেয়ে নিজৰ প্ৰথম কাৰ্যকালত অৰ্থাৎ ২০০৭ চনত শাৰিৰীক অসুস্থতাৰ বাবে হঠাৎ প্ৰধান মন্ত্ৰীৰ পদ এৰিছিল।

উল্লেখ্য যে যোৱা সোমবাৰে প্ৰধান মন্ত্ৰী হিচাপে চিনজ’ এবেই ৮ বছৰ সম্পূৰ্ণ কৰিছে।

ইফালে জাপানৰ শাসনাধিষ্ঠ দলে প্ৰকাশ কৰা মতে প্ৰধান মন্ত্ৰী চিনজ’ এবেইৰ শাৰিৰীক অৱস্থা উন্নত হ’বলৈ ধৰিছে। প্ৰধান মন্ত্ৰীৰ পদত্যাগৰ কথা কেৱল একমাত্ৰ ভুৱা প্ৰচাৰ বুলিহে মন্তব্য কৰে।

২০২১ত চিনজ’ এবেইৰ কাৰ্যকাল সম্পূৰ্ণ হ’ব।