NORTHEAST NOW (Assamese)
অসম

কণ্ঠশিল্পী নীল আকাশে যোগদান কৰিব নেকি বিজেপিত? কি ক’লে স্পষ্টীকৰণত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 28, 2020 1:05 pm
কণ্ঠশিল্পী নীল আকাশে যোগদান কৰিব নেকি বিজেপিত? কি ক’লে স্পষ্টীকৰণত

বৰ্তমান সময়ত বহু গায়ক, অভিনেতা আৰু সাংস্কৃতিক কৰ্মীয়ে ৰাজনৈতিক দলত যোগদান কৰিছে।

জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে শুকুৰবাৰে দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি কালিৰ দিনটোত বিভিন্ন সংবাদ মাধ্যমত এক বাতৰি প্ৰচাৰ হৈছিল।

তদুপৰি, সামাজিক মাধ্যমতো বিষয়টো অধিক চৰ্চিত হৈ পৰিছিল।

ইয়াৰ পাছতে শুকুৰবাৰে এক ফেচবুক লাইভযোগে এই বাতৰিৰ ওপৰত স্পষ্টীকৰণ দিয়ে কণ্ঠশিল্পী গৰাকীয়ে।

এই প্ৰচাৰ ভুৱা আখ্যা দি তেওঁ লগতে কয়, “মোক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈ একাংশই ষড়যন্ত্ৰ কৰিছে যাৰ বাবে এই ভুৱা প্ৰচাৰ চলাইছে।”

তেওঁ লগতে কয়, ”মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু নকৰো। মই গান গোৱা মানুহ, মানুহে মোক গানৰ বাবে ভাল পায়। মোৰ আটাইতকৈ ভালপোৱা কাম গান গোৱা । গতিকে কোনো ৰাজনৈতিক দলত যোগদান নকৰো” ।

এই  প্ৰচাৰৰ বাবে তেওঁ অত্যন্ত দুখ অনুভৱ কৰা বুলি উল্লেখ কৰে ।

“ৰাজনীতিত যোৱাৰ মোৰ কোনো ধৰণৰ ইচ্ছা নাই। এইক্ষেত্ৰত কিবা পদক্ষেপ ল’বলগীয়া হ’লে মই ৰাইজৰ পৰামৰ্শ লৈহে আগবাঢ়িম।” নীল আকাশে এইদৰে কয়।