NORTHEAST NOW (Assamese)
অসম

বিত্তমন্ত্ৰীৰ বাজেটত প্ৰতিবন্ধীৰ বাবে নাই কোনো নতুনত্ব: প্ৰতিক্ৰিয়া প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 16, 2022 9:34 pm
Assam budget 2022

প্ৰতিবন্ধীৰ প্ৰতি চৰকাৰৰ অনিহা প্ৰকাশ হ’ল অজন্তা নেওগৰ ২০২২-২৩ বৰ্ষৰ বাজেটত। ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলে বহু আশাৰে বাট চাই থকা ২০২২-২৩ৰ বাজেটত কোনো নতুনত্ব প্ৰতিফলিত নহ’ল৷

প্ৰতিবন্ধী সকলৰ প্ৰতি চৰকাৰে যে ঘৰিয়ালৰ চকুপানীহে টুকে সেয়া আজিৰ বাজেটত প্ৰতিফলিত হ’ল৷ কিয়নো পূৰ্বৰ তুলনাত এইবাৰ বাজেটত কোনো নতুনত্ব নাই৷

আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেট সন্দৰ্ভত এই অভিযোগ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সম্পাদক নৃপেন মালাকাৰে৷

মালাকাৰে লগতে কয় যে ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীতে ঘোষণা কৰি প্ৰবৰ্তনৰ ব্যৱস্থা কৰা দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ হিতাধিকাৰী পূৰ্বৰ ১ লাখ ৬০ হাজাৰৰ পৰা গৈ বাজেটত ১লাখত সীমাবদ্ধ হ’ল।

বাজেটৰ এই নীতিয়ে চৰকাৰ খনৰ যে প্ৰতিবন্ধী লোকৰ প্ৰতি দায়িত্ব নাই তাকে প্ৰমাণ কৰিলে৷

মালাকাৰে কয়, “২০২১ চনত প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ লগতে ধনৰাশিও ৮৩০টকাৰ পৰা নি ১২৫০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ বাজেটত উল্লেখ কৰিছে, সেই একেখন বাজেটতে প্ৰতিবন্ধী সকলে মাহেকত পাই থকা ১০০০ টকাৰ বৃদ্ধিৰ বাবে কোনো প্ৰস্তাৱ নল’লে।”

মালাকাৰে লগতে ক্ষোভৰে কয় যে ২০১৯ চনতে সমাজ কল্যাণ বিভাগে নিৰ্বাচিত কৰি থোৱা প্ৰায় ২০ হাজাৰ নতুন হিতাধিকাৰীক পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত বাজেটত কোনো কথাই উল্লেখ নকৰিলে বিত্তমন্ত্ৰী গৰাকীয়ে।

ইফালে আজিৰ বাজেটত প্ৰতিবন্ধী সকলৰ বাবে অন্য কোনো নতুন আঁচনিয়ে স্থান নোপোৱাতো প্ৰতিবন্ধী সকলৰ বাবে চৰকাৰ যে অনিহা সেয়া প্ৰতিফলিত কৰিলে৷

গতিকে শীঘ্ৰে পেঞ্চন আঁচনিৰ ধন বৃদ্ধিৰ লগতে নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় মালাকাৰে৷