NORTHEAST NOW (Assamese)
অসম

অগ্ৰহণযোগ্য! পাকিস্তান অধিকৃত কাশ্মীৰত ব্ৰিটিছ ৰাষ্ট্ৰদূত; তীব্ৰ আপত্তি ভাৰতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 14, 2024 8:49 am

পাকিস্তানত থকা ব্ৰিটিছ ৰাষ্ট্ৰদূত জেন মেৰিয়েটৰ পাকিস্তান অধিকৃত কাশ্মীৰ (POK)ৰ মিৰপুৰ ভ্ৰমণক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি ১০ জানুৱাৰীৰ এই ভ্ৰমণক তীব্ৰ গৰিহণা দিয়ে। কেন্দ্ৰই ইয়াক “ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা উলংঘা” বুলি অভিহিত কৰিছে। ব্ৰিটিছৰ অভিসন্ধিক লৈ প্ৰশ্ন উত্থাপন হৈছে।

জেন মেৰিয়েটে নিজৰ এক্স হেণ্ডেলত পাক অধিকৃত কাশ্মীৰলৈ যোৱাৰ ফটো শ্বেয়াৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। কেন্দ্ৰৰ এই আপত্তি ভাৰতত থকা ব্ৰিটিছ ৰাষ্ট্ৰদূতলৈ প্ৰেৰণ কৰে বৈদেশিক সচিব বিনয় মোহন কাত্ৰাই।

লগতে পঢ়কঃ চীনৰ উদ্বেগ বৃদ্ধি কৰি টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত গণতন্ত্ৰবাদী চিং-টেৰ জয়লাভ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু সদায় থাকিব।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত পাকিস্তানৰ আমেৰিকাৰ ৰাষ্ট্ৰদূত ড’নাল্ড ব্লুমে পাক অধিকৃত কাশ্মীৰৰ গিলগিট-বাল্টিস্তান ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণক লৈ এতিয়াও বিতৰ্ক চলি আছিল। এইবাৰ ব্ৰিটিছ ৰাষ্ট্ৰদূতৰ ভ্ৰমণক লৈ নতুন বিতৰ্কৰ সৃষ্টি হ’ল।

উল্লেখ্য যে কাশ্মীৰক লৈ পাকিস্তানে বাৰে বাৰে ৰাষ্ট্ৰসংঘত ভাৰতক টানি আনিবলৈ চেষ্টা কৰি আহিছে। কিন্তু ভাৰতৰ সঁহাৰিৰ বাবে ইছলামবাদে অস্বস্তি অনুভৱ কৰিবলগীয়া হৈছে। ভাৰতে সদায় কৈ আহিছে যে পাকিস্তানে দখল কৰা কাশ্মীৰ এৰি যাব লাগে। তাত সংখ্যালঘুৰ ওপৰত অকথ্য নিৰ্যাতন চলে।