NORTHEAST NOW (Assamese)
অসম

ভাৰতত বাঢ়িছে, চীনত কমিছে! চীনত এবছৰত হ্ৰাস পালে ২০ লাখ জনসংখ্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2024 3:30 pm

একেৰাহে দুবছৰ চীনৰ জনসংখ্যা হ্ৰাস পাইছে। পৰিসংখ্যা অনুসৰি যোৱা এটা বছৰত চীনৰ জনসংখ্যা ২০ লাখতকৈ অধিক হ্ৰাস পাইছে।

বেইজিঙৰ নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩ চনৰ শেষৰ ফালে চীনৰ জনসংখ্যা আছিল ১৪০ কোটি ৯৬ লাখ ৭০ হাজাৰ।

২০২২ চনৰ জনসংখ্যাৰ তুলনাত ২০২৩ চনত জনসংখ্যা ২০ লাখ ৮০ হাজাৰ কমিছে। ২০২৩ চনত প্ৰতি হাজাৰ লোকৰ জন্মৰ হাৰ আছিল ৬.৩৯।

লগতে পঢ়কঃ চুৰুনী সাংসদ! দোকানৰ সামগ্ৰী চোৰ কৰাৰ অভিযোগৰ পিছত পদত্যাগ নিউজিলেণ্ডৰ সাংসদৰ

জন্মৰ হাৰ কম হোৱা আৰু কৰ’না ভাইৰাছত মৃত্যুৰ বাবে জনসংখ্যা হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে।

কিন্তু পৰিসংখ্যা ব্যুৰোৰ তথ্য অনুসৰি চীনৰ অৰ্থনীতি বৃদ্ধি পাইছে। যোৱা বছৰৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে তিনিমাহত জিডিপি বৃদ্ধিৰ হাৰ ৫.২ শতাংশ।

চীনে দাবী কৰিছে যে বিত্তীয় খণ্ডত বৃদ্ধিৰ লক্ষ্য তেওঁলোকে পূৰণ কৰিছে। কৰ’না নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত চীনৰ বিত্তীয় বৃদ্ধিৰ লক্ষ্য আছিল ৫ শতাংশ।

লগতে পঢ়কঃ বৃহৎ ক্ষতিৰ সন্মুখীন আম্বানী! মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দুই কোম্পানীৰ পৰা হেৰুৱালে ৩৮,৩৩৪ কোটি টকা

উল্লেখ্য যে জনসংখ্যাৰ ফালৰ পৰা ভাৰত এতিয়া বিশ্বৰ এক নম্বৰ দেশ। চীন দ্বিতীয় স্থানত আছে।