NORTHEAST NOW (Assamese)
দেশ

কেন্দ্ৰৰ ঘোষণাঃ ৰাম মন্দিৰৰ উদ্বোধনীৰ বাবে ২২ জানুৱাৰীত অৰ্ধছুটী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2024 5:44 pm
Ram mandir

অহা ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ। সেই উপলক্ষে দেখা গৈছে পূৰ্ণ প্ৰস্তুতি। ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে উক্ত দিনা অৰ্ধ ছুটী ঘোষণা কৰিছে কেন্দ্ৰই।

আজি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই বিষয়ে সদৰী কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অযোধ্যাৰ অহা ২২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয়ক অৰ্ধ ছুটী দিয়া হ’ব।

সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দেশৰ সকলো কাৰ্যালয়, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় উদ্যোগ প্ৰতিষ্ঠান ২২ জানুৱাৰীত বিয়লি ২:৩০ বজালৈকে বন্ধ থাকিব।

২২ জানুৱাৰীৰ নিশা ১২.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে সকলো শ্ৰেণীৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইতিমধ্যে ১৬ জানুৱাৰীৰ পৰা অযোধ্যা মন্দিৰ চৌহদত আৰম্ভ হৈছে অনুষ্ঠান। প্ৰাণ-প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰতিদিনে নিৰ্দিষ্ট ৰীতি-নীতি পালন কৰা হৈছে।