NORTHEAST NOW (Assamese)
অভিমত

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মূল তাৎপৰ্য কি?

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ January 19, 2024 12:01 pm

অনবৰতে এটাই আৱাজ! দিনে-ৰাতিয়ে আমি কিমান শুনিম সেই একেটা আৱাজ! সেই আৱাজটো হ’ল বিজেপিৰ আৱাজ। হিন্দুত্বৰ আৱাজ। হিন্দু ধৰ্মক লৈ বিজেপিয়ে ৰাজনীতি কৰা কথাটোৰ কোনে গোমৰ ফাক কৰিলে? হিন্দু ধৰ্মৰ প্ৰকৃত ধ্বজাবাহক সকলে। চাৰিমঠৰ চাৰিজন শংকৰাচাৰ্যই। কিন্তু, বিজেপিৰ চৰকাৰে জানো আনৰ কথা শুনে। তেওঁলোকৰ সকলো কথাৰ সাৰ এটাই-  নিৰ্বাচন জিকা।

নিৰ্বাচন কিয় জিকিব লাগে? ক্ষমতাৰ বাবে। চৰকাৰ গঠন কৰিবলৈ। চৰকাৰ কিয় গঠন কৰিব লাগে যাতে চৰকাৰী যন্ত্ৰটো ব্যৱহাৰ কৰি আকৌ নিৰ্বাচন জিকিব পাৰে। তেওঁলোকে বিচাৰে চক্ৰাকাৰে এই ব্যৱস্থাটো চলি থাকক। তেওঁলোক নিৰন্তৰ শাসনত থাকক। নহ’লে প্ৰথমবাৰ শাসনলৈ আহি অমিত শ্বাহে কিয় কৈছিল যে এবাৰ তেওঁলোকৰ হাতলৈ ক্ষমতা আহিছে যিহেতু তেওঁলোক ৫০ বছৰলৈ নিগাজীকৈ চৰকাৰত থকাটো খাটাং। চাওক অমিত শ্বাহে কি ভয়ানক কথা কৈছিল? কিন্তু ভাৰত কি এক আৱাজী দেশ?

আমি জানো বিবিধ ভাৰতী নহয়? কি সুন্দৰ অভিধা আছিল বিবিধ ভাৰতী! বিজেপিয়ে সকলো পৰিচয়, সকলো ৰাজনীতি আত্মসাৎ কৰি মাত্ৰ এটা পৰিচয় আৰু এটা ৰাজনীতিৰ কথা ক’ব বিচাৰে।সেইটো জানো সম্ভৱ? এফালে যেনেকৈ বিজেপিয়ে এটা আৱাজ আমাৰ সকলোৰে ওপৰত জাপি দিব বিচাৰিছে, আনফালে কিন্তু হাজাৰটা সৰু-ডাঙৰ অন্য আৱাজ ৰাইজৰ মাজৰ পৰা ওলাই আহিছে। নতুন নতুন আৱাজ নিতৌ সৃষ্টি হৈ আছে। হাজাৰ চেষ্টা কৰিও বিজেপিয়ে তাক বাধা দিব পৰা নাই। নোৱাৰে। এই সৰু বৰ আৱাজ বোৰ কিন্তু নিৰ্বাচন কেন্দ্ৰিক নহয়, জীৱন কেন্দ্ৰিক। জীৱিকা কেন্দ্ৰিক।

দক্ষিণ ভাৰতৰ কোনো এখন ৰাজ্যতে বিজেপি নাই। অৱশ্যে,তাৰ অৰ্থ এইটো নহয় যে দক্ষিণ ভাৰতত বিজেপিৰ ৰাজনৈতিক দৰ্শন সমৰ্থন কৰা মানুহ নাই। ভাৰতৰ বহু কেইখন ৰাজ্যত অবিজেপি চৰকাৰ আছে। বিৰোধী ৰাজনৈতিক দলবোৰে বিভিন্ন ৰাজ্যত বিজেপিৰ নীতি আৰু কাৰ্যৰ বিৰোধিতা কৰি আহিছে। কিন্তু,আমি যে বিবিধ ভাৰতীৰ কথা কৈছোঁ? এক আৱাজৰ বিৰুদ্ধে শ, হাজাৰ আৱাজৰ কথা কৈছোঁ তাৰ যেন আমি প্ৰতিধ্বনি শুনিছিলোঁ ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰা ভাৰত জোড়ো পদযাত্ৰাত। সেই পদযাত্ৰাটো আছিল বিবিধ ভাৰতীৰ ভিন্ন স্বৰ, ভিন্ন আৱাজৰ যাত্ৰা আৰু তাৰ মৰ্মত আছিল বিভাজন আৰু ঘৃণাৰ বিপৰীতে ভাতৃত্ব আৰু সৌহাৰ্দ্যৰ দোলেৰে সকলোৰে মাজত সংযোগ আৰু সহযোগিতা সৃষ্টিৰ এক প্ৰয়াস। কি খলকনি তুলিছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই? ই মানুহৰ মুখত ভাষা দিছিল। মানুহক সাহস দিছিল।সেইকাৰণেই হিংসা জৰ্জৰ কাশ্মীৰত ৰাহুল গান্ধীৰ যাত্ৰাই আটাইতকৈ বেছি সঁহাৰি পাইছিল।সেয়া আছিল প্ৰেম আৰু অহিংসাৰ উদযাপন।

এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। যোৱা ১৪ জানুৱাৰীৰ দিনা হিংসা জৰ্জৰ মণিপুৰত আৰম্ভ হৈছে এই যাত্ৰা। আজি সাত মাহ ভাতৃঘাতী সংঘৰ্ষত জুৰুলা হৈ পৰা মণিপুৰত আৰম্ভ হোৱাৰ এক সুকীয়া তাৎপৰ্য আছে। আজি ই আহি অসমত সোমাইছে। ন্যায়ৰ অৰ্থ কি? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ব্যক্তি স্বাধীনতা আৰু সমতাৰ কথা কোৱা হৈছে। সেই সমতাৰ ধাৰণাটোতে গণতন্ত্ৰৰ সাৰ কথাখিনিও নিহিত। কিন্তু বিজেপিৰ কাৰণে গণতন্ত্ৰৰ অৰ্থ হ’ল সংখ্যাগৰিষ্ঠতা। সংখ্যালঘুৰ মতামত, ভাৰতৰ সংবিধান, সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতাৰ ওপৰত তেওঁলোকৰ কোনো আস্থা আৰু ভৰসা নাই।

সংখ্যাগৰিষ্ঠতাৰে বলীয়ান হৈ তেওঁলোকে নিজৰ মন-মৰ্জিৰে সংসদত এখনৰ পিছত এখনকৈ আইন পাছ কৰি আছে যিবোৰ আইন ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট ব্যক্তিৰ মৌলিক স্বাধীনতা আৰু সামাজিক সমতা আৰু ন্যায়ৰ পৰিপন্থী। বিভাজনবাদী ৰাজনীতি, হ্ৰস্বম্যাদী অৰ্থনৈতিক নীতি আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠান সমূহ নিজৰ বহতীয়া কৰি বিজেপিয়ে দেশত কি এক অৱস্থাৰ  সৃষ্টি কৰিছে! এনে পৰিস্থিতিত ৰাহুল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ গুৰুত্ব অপৰিসীম। ক্ষমতাত কোন দল আছে সেইটো ডাঙৰ কথা নহয়। কিন্তু, যিসকল লোক ক্ষমতাত আছে তেওঁলোকে সংখ্যগুৰু, সংখ্যালঘু বা সমাজৰ আন পাৰ্থক্যবোৰৰ কথা নাভাবি জনসাধাৰণৰ সকলো অংশৰ প্ৰতি সামাজিক ন্যায় আৰু অৰ্থনৈতিক সমতা সুনিশ্চিত কৰিব পাৰিছেনে নাই সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সেইটোৱেই বিজেপিৰ ভোট আৰু  সংখ্যাগুৰু কেন্দ্ৰীক শাসনত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মূল তাৎপৰ্য।

এই যাত্ৰাৰ ৰাজনৈতিক প্ৰভাৱো সুদূৰ প্ৰসাৰী হ’ব পাৰে। বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ সন্মুখত এই যাত্ৰা কেৱল কংগ্ৰেছৰ কাৰণেই নহয়, বিৰোধী ৰাজনৈতিক দলবোৰৰ কাৰণেও এটা বিকল্প কাৰ্যসূচী হ’ব পাৰে। ৰাহুল গান্ধীৰ সততা আৰু আন্তৰিকতা সন্দেহাতীত। কিন্তু, কংগ্ৰেছ দলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগত আন বিৰোধী দলবোৰক সাঙুৰি ল’ব পাৰিব লাগিব। বিৰোধী ৰাজনৈতিক দলবোৰেও দেশৰ বৰ্তমানৰ সংকট মুহূৰ্তত এই যাত্ৰাৰ ঐতিহাসিক গুৰুত্ব উপলব্ধি কৰি ইয়াৰ লগত চামিল হ’ব লাগিব। ভাৰত জোড়ো যাত্ৰাৰ সময়ত দেশৰ বিভিন্ন নাগৰিক সমাজক তাৰ লগত লগ লগাবলৈ ৰাজনৈতিক আৰু সমাজিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদবে অহোপুৰুষাৰ্থ কৰিছিল। ন্যায় যাত্ৰাতো দেশৰ বিভিন্ন ৰাজ্যৰ নাগৰিক সমাজ যাতে চামিল হয় তাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিক সমাজে একলগ হৈ বিজেপিৰ বিৰুদ্ধে থিয় দিব লাগিব। তাৰেই এক সুৱৰ্ণ সুযোগ আনি দিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই।