NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ জামুগুৰিত ভয়ংকৰ অগ্নিকাণ্ড : ৰাজনৈতিক প্ৰতিহিংসাৰ সন্দেহ

Posted by: এন ই নাও নিউজ December 17, 2018 8:04 pm
fire in nagaon.docx photo

নগাঁও জিলাৰ জাজৰি জামুগুৰিত অগপ নেত্ৰী অৱন্তী দেৱীৰ ঘৰৰ চৌহদত থকা খেৰৰ মেজিত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত খেৰৰ মেজিৰ লগতে এখন স্কুটাৰ আৰু এখন চাইকেল জুইত জাহ যোৱা ঘটনাই সমগ্ৰ জাজৰি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা অগ্নিনিৰ্বাপক বাহিনী, জাজৰি আৰক্ষী আৰু ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰা হয়। এই সকলোৰে প্ৰচেষ্টাত জুই বিয়পি পৰাৰ পৰা ৰোধ হোৱাৰ লগতে এক ব্যাপক ক্ষতিৰ পৰাও অঞ্চলবাসী ৰক্ষা পৰে।

উল্লেখ্য যে, সদ্যসমাপ্ত পঞ্চায়ত নিৰ্ব‍াচনত হাতীচোং জিলা পৰিষদৰ অগপ দলৰ প্ৰাৰ্থী হিচাপে অৱন্তী দেৱী অৱতীৰ্ণ হৈছিল। অৱন্তী দেৱী অঞ্চলটোত এগৰাকী জনপ্ৰিয় নেত্ৰী হিচাপে যথেষ্ট সমৰ্থনো লাভ কৰিছিল।

আনহাতে, অৱন্তী দেৱীয়ে নিৰ্বাচনী ফলাফলত বুজন সংখ্যক ভোট লাভ কৰিও পৰাজিত হয়। কিন্তু আঞ্চলিক দলটোৰ এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি ৰাজনৈতিক প্ৰতিহিংসাৰ অভিযোগো উত্থাপন হৈছে।

জানিব পৰা মতে, নিৰ্বাচনৰ প্ৰাকমূহূৰ্ততো অৱন্তী দেৱীৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ চলাইছিল।