NORTHEAST NOW (Assamese)
দেশ

অশনি সংকেত! INDIA এৰি পৃথক মিত্ৰজোঁট গঠন কৰিব পাৰে একাংশ দলে! সকীয়নি আব্দুল্লাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2024 5:59 pm
INDIA Bloc

লোকসভা নিৰ্বাচনলৈ মাজতে আৰু কেইটামান মাহ। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে শাসক-বিৰোধী উভয়েই ৰণপ্ৰস্তুতিত নামি পৰিছে। বিজেপিৰ NDA মিত্ৰজোঁটৰ বিপক্ষে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে বিৰোধী ঐক্যজোঁট INDIA।

কিন্তু আসনৰ ভাগ-বতৰা সন্দৰ্ভত INDIA জোঁটৰ মাজত কিছু মতভেদ পৰিলক্ষিত হৈছে। তাৰ মাজতে মিত্ৰজোঁটৰ সদস্য দল নেচনেল কনফাৰেঞ্চৰ মুৰব্বী ফাৰুক আব্দুল্লাই কৰিছে এক বিশেষ মন্তব্য।

মিত্ৰজোঁটক উদ্দেশ্যি আব্দুলাৰ দৃঢ় সকীয়্নি, যদিহে আসন ভাগ-বতৰা সন্দৰ্ভত শীঘ্ৰে সহমতত উপনীত নহয় তেন্তে INDIA জোঁটলৈ ভাবুকি আহিব পাৰে আৰু একাংশ সদস্যই পৃথক জোঁট গঠনৰ চেষ্টা কৰিব পাৰে।

এয়া মিত্ৰজোঁটৰ বাবে আটাইতকৈ ডাঙৰ বিপদ বুলি সকীয়নি দি আব্দুলাই লগতে ‘যদি আমি দেশক ৰক্ষা কৰিব লাগে, তেন্তে আমি মতানৈক্য পাহৰি দেশৰ কথা চিন্তা কৰিব লাগিব’বুলি মন্তব্য কৰে।

মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে নিজৰ ভেটি থকা সমষ্টিতহে আসন বিচাৰিব লাগে আৰু য’ত দলৰ ভেটি শক্তিশালী নহয়, তেনে স্থানত আসন বিচৰাটো ভুল বুলি মিত্ৰজোঁটৰ সদস্য দলসমূহক উদ্দেশ্যি মন্তব্য কৰে আব্দুলাই।