NORTHEAST NOW (Assamese)
অসম

বিবাহৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ! অসমত নিয়োজিত বায়ুসেনাৰ বিষয়াক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2024 3:21 pm
IAF Assam

বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি পিছত প্ৰতাৰণা কৰাৰ অভিযোগত আইনী ৰোষত পৰিছে অসমত নিয়োজিত ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া।

বম্বে উচ্চ ন্যায়ালয়ে অভিযুক্ত এই বিষয়াগৰাকীৰ জামিনৰ আবেদন খাৰিজ কৰি আত্মসমৰ্পণৰ নিৰ্দেশ দিছে। প্ৰকাশিত খবৰ অনুসৰি, বিবাহৰ বাবে সংগী বাচনিৰ এক অনলাইন প্লেটফৰ্মত দুয়ো চিনাকি হৈছিল।

বিগত ২০২২ চনৰ জুলাই মাহত মুম্বাইৰ নাগপাডা আৰক্ষী থানাত বিষয়াগৰাকীৰ বিৰুদ্ধে বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীয়ে এফআইআৰ দাখিল কৰে।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, অনলাইন প্লেটফৰ্মত চিনাকি হোৱাৰ পিছত দুয়ো গোৱাকে ধৰি বিভিন্ন স্থানলৈ একেলগে যাত্ৰা কৰিছিল আৰু বিয়াৰ প্ৰতিশ্ৰুতি দি বিষয়াজনে তেওঁক শাৰীৰিক সম্পৰ্কৰ বাবে প্ৰৰোচিত কৰিছিল।

কিন্তু শাৰীৰিক সম্পৰ্কৰ পৰিণতিত তেওঁ গৰ্ভৱতী হোৱাৰ পিছত বিষয়াজনে তেওঁক এৰাই চলিবলৈ আৰম্ভ কৰিছিল বুলি অভিযোগ তোলে মহিলাগৰাকীয়ে। তাৰ মাজতে বিষয়াকজনে আন এগৰাকী মহিলাৰ সৈতে বিবাহৰ আয়োজন কৰে।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেজপুৰত আই এ এফৰ অটোম’বাইল টেকনিচিয়ান হিচাপে নিয়োজিত হৈ থকা বিষয়াজনক সাক্ষাৎ কৰিবলৈ অহাৰ সময়তে তেওঁৰ অজ্ঞাতে বিবাহৰ বাবে ছুটীত থকা বুলি জানিব পাৰে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰাত ২০২২ চনৰ মাৰ্চ-এপ্ৰিল মাহতে তেওঁৰ এই বিবাহ ঠিক হোৱা বুলি বিষয়াজনৰ ভগ্নীৰ পৰা জানিব পাৰে। এনে পৰিস্থিতিত মহিলাগৰাকীয়ে দাখিল কৰে গোচৰ।

মহিলাগৰাকীক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে যুক্তি দৰ্শাই যে অভিযুক্তই তেওঁক বিয়া কৰাব বুলি বিশ্বাস দিয়াৰ বাবে মহিলাগৰাকীয়ে শাৰীৰিক সম্পৰ্কত সন্মতি দিছিল। আনহাতে বিপক্ষৰ অধিবক্তাই সহমতৰ ভিত্তিত দৈহিক সম্পৰ্ক হোৱা বুলি দাবী কৰে।

দুয়োপক্ষৰ যুক্তি বিচাৰৰ অন্তত আদালতে অভিযুক্ত বিষয়াজনৰ জামিন আবেদন খাৰিজ কৰে। বিচাৰপীঠে কয় যে মহিলাগৰাকীৰ সৈতে সম্পৰ্কৰ পিছতো বিষয়াজনে বিবাহ ঠিক কৰিছিল আৰু এই বিষয়ে মহিলাগৰাকীক জনোৱা হোৱা নাছিল।

ইয়াৰ আধাৰতে বম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত বিষয়াজনৰ জামিন আবেদন খাৰিজ কৰি অহা ২ ফেব্ৰুৱাৰীৰ ভিতৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।