NORTHEAST NOW (Assamese)
Popular Stories

OMG! ডাঙৰ লিংগৰ কামনাৰে কৰালে অস্ত্ৰোপচাৰ; সৰু হৈ যোৱাৰ বাবে তৰিলে ১৪ লাখ টকাৰ গোচৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2024 3:45 pm

‘বহুতে এই কথা বিশ্বাস কৰে যে চাইজ মেটাৰ্ছ!’ যিসকলে মনত এনে ভাৱ পোষণ কৰে, শৰীৰৰ কোনো বিশেষ অংগৰ আকৃতি আৰু আয়তনৰ বাবে তেওঁলোকে ঈশ্বৰৰ ওপৰতে দোষ জাপি দিয়ে। সৰু অংগ ডাঙৰ কৰাৰ পথত আগবাঢ়ে। সেয়া স্তন বৃদ্ধি বা লিংগ বৃদ্ধিও হ’ব পাৰে। আৰু এইবাৰ দ্বিতীয়টো কৰিবলৈ যাওতেই বেয়াকৈ ফচিল তুৰস্কৰ বেংকাৰ ইলটাৰ তুৰ্কমেন।

বাতৰি অনুসৰি, ডাঙৰ লিংগ এটাৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু তেওঁৰ দাবী কৰে যে তেওঁৰ লিংগটো আগতকৈ সৰু হৈ পৰিছে। আনকি যাৰ বাবে তেওঁ চিকিৎসকজনৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছে।

ডাঃ হালুক ছয়লেমেজৰ কান্ধত আছিল ইলটাৰৰ লিংগ বৃদ্ধিৰ সপোনক বাস্তৱত পৰিণত কৰাৰ গুৰু দায়িত্ব। ডাক্তৰে তেওঁৰ ৰোগীক অপাৰেচনৰ পিছত লিংগটো বেছি দ্ৰুতগতিত বৃদ্ধি পাব বুলিও প্ৰতিশ্ৰুতি দিছিল। তেওঁ বিশেষভাৱে কয় যে দৈৰ্ঘ্য আৰু পৰিধি ৩ চেণ্টিমিটাৰ অৰ্থাৎ ১.১ ইঞ্চি বৃদ্ধি পাব।

লগতে পঢ়কঃ বিবাহৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ! অসমত নিয়োজিত বায়ুসেনাৰ বিষয়াক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

অৱশ্যে এলটাৰে দাবী কৰে যে দুটা প্লাষ্টিক চাৰ্জাৰীৰ ফলত তেওঁৰ লিংগটো এক চেণ্টিমিটাৰ হ্ৰাস পাইছে। আগতে ই ১২ চে.মি. আছিল যদিও এতিয়া ১১ চে.মি. হৈছে। এলটাৰৰ অধিবক্তাই আদালতত কয় যে অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ ক্লায়েণ্ট যন্ত্ৰণাত ভুগিছিল আৰু এমাহ ধৰি ভালদৰে খোজ কাঢ়িব পৰা নাছিল। লিংগটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। লিংগৰ পৰা অবিৰতভাৱে ৰক্তক্ষৰণো হয়।

ডাঃ হালুকে আদালতত কয় যে তেওঁৰ অস্ত্ৰোপচাৰত কোনো ভুল নাই। কিন্তু লিংগৰ শাৰীৰিক গঠনৰ বাবে বৃদ্ধি ব্যৰ্থ হয়। এতিয়া আদালতত গোচৰ চলি আছে। ক্ষতিপূৰণ হিচাপে চিকিৎসকৰ পৰা ৫ লাখ লিৰা (তুৰ্কী মুদ্ৰা) দাবী কৰিছিল ইলটাৰে। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি প্ৰায় ১৪ লাখ টকা।

লগতে পঢ়কঃ Fibromyalgia: ফাইব্ৰ’মাইয়ালজিয়া! কাৰ্যালয় বা কৰ্মক্ষেত্ৰত প্ৰায় সকলোৱেই ভূগিছে এই ৰোগত

এতিয়া ডাক্তৰ হালুক আইনী যুঁজত জয়ী হয় নে আদালতে কষ্ট পাহৰাই ইলটাৰৰ মুখত হাঁহি বিৰিঙায় সেইটোহে লক্ষ্যণীয়।