NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2021 8:53 pm
Deadbody of a woman found in Margherita

আজি বিয়লী মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ১নং মাকুম পথাৰ কিট প্লাই এলেকাত এগৰাকী মহিলাৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্যৰ সৃষ্টি হয়।

অনিতা দেৱী নামৰ বিধবা মহিলা গৰাকীয়ে নিজ বাসগৃহৰ ভিতৰত চিপলৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়ে।

মাৰ্ঘেৰিটা আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। অনিতা দেৱী নামৰ মহিলা গৰাকীয়ে আত্মহত্যা কৰিলে নে আন কিবা কাৰনত মৃত্যু হ’ল সেইয়া আৰক্ষীৰ অনুসন্ধানতহে জানিব পৰা যাব।

ইতিমধ্যেই আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ যায়। মহিলা গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।