NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ হাতীগাঁৱত উৎখাত দেহ ব্যৱসায়ী চক্ৰ, গ্ৰেপ্তাৰ ন গৰাকী মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2021 6:48 am
Hatigaon Prostitution Racket

মঙলবাৰে গুৱাহাটীৰ হাতীগাঁও অঞ্চলত উৎখাত কৰা হয় এটা দেহ ব্যৱসায়ী চক্ৰ।

খবৰ অনুসৰি হাতীগাওঁৰ বিষ্ণুজ্যোতি পথত এছএন দেৱ পূজাৰীৰ বাসগৃহত এই ৰেকেটটো উৎখাত কৰা হৈছে।

জানিব পৰা মতে দেৱ পূজাৰী এজন অধিবক্তা হিচাপে কৰ্মৰত।

এডিচিপি বিবেকানন্দ দাসৰ নেতৃত্বত চলা অভিযানৰ সময়ত তিনিজন অভিযুক্ত গ্ৰাহকৰ সৈতে প্ৰায় নগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাস্থলীৰ পৰা কিছুমান আপত্তিজনক সামগ্ৰীৰ লগতে নগদ ধনো জব্দ কৰা হৈছে।