NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত, আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথে যোগদান কৰিব বিজেপিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2024 8:46 am

প্ৰাক্তন কংগ্ৰেছ নেত্ৰী তথা অসম যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।

বাতৰি অনুসৰি, দেওবাৰে (২৮ জানুৱাৰী) অসমত বিজেপিত যোগদান কৰিব অংকিতা দত্তই।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিপাংক নাথেও একেটা অনুষ্ঠানতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ অভূতপূৰ্ব! হাইকোৰ্টৰ দুই ন্যায়াধীশৰ সংঘাতত হস্তক্ষেপ ছুপ্ৰিম কোৰ্টৰ; গঠন সাংবিধানিক বিচাৰপীঠ

তদুপৰি, অংকিতা আৰু দিপাংকৰ লগতে কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ আৰু আছুৰ প্ৰাক্তন উপ-সভাপতি প্ৰকাশ দাসেও বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।

ইপিনে, ২৯ জানুৱাৰীত প্ৰাক্তন কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদত যোগদান কৰাৰ কথা।

উল্লেখ্য যে ২০২৩ চনৰ ২২ এপ্ৰিলত অংকিতা দত্তক কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ছবছৰৰ বাবে বহিষ্কাৰ কৰা হৈছিল।

লগতে পঢ়কঃ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন নৰ্থইষ্ট নাওৰ

তেওঁ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।