NORTHEAST NOW (Assamese)
দেশ

বিড়ম্বনা! পতিয়ে দিছিল ‘অপ্ৰাকৃতিক সম্ভোগ’ৰ জোৰ, খঙতে যৌনাংগত কামুৰিলে পত্নীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2024 6:40 pm
UP woman bites husband's private parts

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। যৌন সম্পৰ্কক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পৰিণতিত চিকিৎসালয়ৰ বিচনাত চটফটাইছে এজন ব্যক্তিয়ে।

কেৱল সিমানেই নহয়, এই ঘটনাক লৈ তদন্ততো নামি পৰিছে আৰক্ষী। ৰাজ্যখনৰ হামিৰপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

যৌন সম্ভোগৰ প্ৰকৃতিত খৰ্গহস্ত হৈ নিজৰ স্বামীৰ যৌনাংগ কামুৰি বিপদাৱস্থালৈ ঠেলি দিছে এগৰাকী মহিলাই। ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম।

প্ৰকাশিত খবৰ অনুসৰি, দেওবাৰে নিশা দম্পতীহালে সম্ভোগত লিপ্ত হোৱাৰ সময়তে পুৰুষজনে অপ্ৰাকৃতিক সম্ভোগৰ বাবে ইচ্ছা প্ৰকাশ কৰে।

মহিলাগৰাকীয়ে স্বামীৰ এই ইচ্ছা নাকচ কৰাৰ পাছতো মান্তি হোৱা নাছিল আৰু বাৰে বাৰে জোৰ দিয়ে অপ্ৰাকৃতিক সম্ভোগৰ বাবে।

এই লৈ দুয়োৰে মাজত বিবাদৰ সূত্ৰপাত হয় আৰু খঙৰ ভমকতে মহিলাগৰাকীয়ে স্বামীৰ যৌনাংগত জোৰেৰে কামুৰি দিয়ে। তেজে তুমুৰলি হৈ পৰে তেওঁৰ যৌনাংগ।

পত্নীৰ কামোৰত গুৰুতৰভাৱে আহত হয় পুৰুষজন। ঘটনাৰ পিছতে তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তেওঁৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

ইফালে মহিলাগৰাকীয়ে দিয়া ‘অপ্ৰাকৃতিক সম্ভোগ’ৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে স্বামীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৬ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছে।

স্থানীয় এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে কয়।