NORTHEAST NOW (Assamese)
Popular Stories

বোৱাৰীয়েকৰ মেকআপ লুকুৱাই ব্যৱহাৰ কৰে শাহুৱে; পুত্ৰৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 30, 2024 11:34 am

এগৰাকী মহিলাই স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে কিয়নো তেওঁৰ শাহুৱেকে অনুমতি অবিহনে তেওঁৰ মেকআপ ব্যৱহাৰ কৰে। এয়া উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ঘটনা। অনুমতি অবিহনে মেকআপ ব্যৱহাৰক লৈ শাহুৱেকৰ সৈতে হোৱা বিবাদৰ বাবে স্বামীয়ে তেওঁক আৰু ভগ্নীক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে গৃহিণীগৰাকীয়ে।

আগ্ৰাৰ মালপুৰাৰ বাসিন্দা মহিলাগৰাকী আৰু তেওঁৰ ভগ্নীয়ে ৮ মাহ পূৰ্বে দুই ভাতৃক বিয়া কৰাইছিল। সকলো ঠিকেই আছিল যেতিয়ালৈকে মহিলাগৰাকীয়ে গম পোৱা নাছিল যে তেওঁৰ শাহুৱেকে তেওঁৰ অনুমতি অবিহনে তেওঁৰ মেকআপ ব্যৱহাৰ কৰি আছে।

লগতে পঢ়কঃ ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যসভাৰ ৫৬খন আসনৰ বাবে নিৰ্বাচন; ইণ্ডিয়া মিত্ৰজোঁটৰ বাবেও আশাৰ খবৰ!

গৃহিণীগৰাকীয়ে লগতে কয় যে যেতিয়াই কোনো অনুষ্ঠানলৈ যাবলগীয়া হয় তেতিয়াই শাহুৱেকে মেকআপৰ সঁজুলি ব্যৱহাৰ কৰা বাবে তেওঁৰ মেকআপ কৰা নাছিল। মহিলাগৰাকীয়ে আগ্ৰা আৰক্ষীৰ ‘পৰিবাৰিক পৰমৰ্শ কেন্দ্ৰ’ক জনোৱা মতে, শাহুৱেকে তেওঁৰ কাপোৰ পিন্ধি ঘৰৰ ভিতৰতে মেকআপ কৰিছিল। তাৰ পাছত গৃহিণীজনী মালপুৰা থানালৈ যায়। গৃহিণীক ঘৰৰ ভিতৰত মেকআপ লগাবলৈ মানা কৰাৰ বাবে শাহুৱেকৰ লগত কাজিয়া হোৱা বুলিও কয়।

মহিলাগৰাকীৰ মতে, যেতিয়া তেওঁৰ শাহুৱেকে পুত্ৰক এই কথা ক’লে, তেতিয়া তেওঁৰ স্বামীয়েও তেওঁক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰিল আৰু মহিলাগৰাকী আৰু তেওঁৰ ভনীয়েকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হ’ল। দুমাহ ধৰি মোমায়েকৰ ঘৰত বসবাস কৰি আছে ভগ্নীদ্বয়ে।

কাউন্সেলাৰ অমিত গৌৰে জনায় যে দেওবাৰে গৃহিণী আৰু শাহুৱেকক পৰিয়াল পৰমৰ্শ কেন্দ্ৰলৈ কাউন্সেলিঙৰ বাবে মাতি অনা হৈছিল। অমিত গৌৰে লগতে কয় যে মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰি অটল আছিল কাৰণ তেওঁৰ মতে বিষয়টো এতিয়া তেওঁৰ অনুমতি অবিহনে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাত সীমাবদ্ধ নহয়।

লগতে পঢ়কঃ ‘এয়া ষ্টেচন নহয়, বিচাৰিলেই যিকোনো ৰে’লত উঠিব নোৱাৰি’, অধিবক্তাক শিষ্টাচাৰ শিকালে মুখ্য ন্যায়াধীশে

অমিত গৌৰে কয়, ‘মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ স্বামীয়ে কেৱল মাকৰ কথা শুনিছিল বাবে তেওঁ ঘৰুৱা হিংসাৰ বলি হবলগীয়া হৈছিল। মহিলাগৰাকী আৰু তেওঁৰ স্বামীক অধিক পৰামৰ্শৰ বাবে পুনৰ মাতি অনা হ’ব।’