NORTHEAST NOW (Assamese)
অসম

বৰ্ণাঢ্য সাংস্কৃতিক মহামিলনেৰে সামৰণি পৰিল ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাট বিহু

Posted by: এন ই নাও নিউজ May 14, 2018 12:03 pm
13-05-18 Dhakuakhana- Fato Bihu (11)

দেওবাৰে ৰাতিপুৱাৰ পৰাই ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত আৰম্ভ হোৱা ঢোল-তাল,পেঁপা-গগনা,নাচনীৰ নাচোন, জাত জাত বিহু নাম আৰু ঐনিতমৰ সুৰৰ মাজৰে সামৰণি পৰিল ঐতিহ্যমণ্ডিত পৰম্পৰাগত ফাট বিহু।

প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা গছতলৰ মুকলি বিহু আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দেওবাৰৰ দিনটো সকলো জাতি-জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থত পৰিণত হ’ল ঢকুৱাখনাৰ ম’হঘূলি চাপৰি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-জনগোষ্ঠী সমূহৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনেৰে জীপাল হৈ পৰিল ফাট বিহু স্থলী।

জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ লগে লগেই ফাট বিহুৰ অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হয় ।

শোভাযাত্ৰা উদ্বোধন কৰি জনপ্রিয় অভিনেত্ৰীগৰাকীয়ে কয়, ‘ঢকুৱাখনাৰ ফাট বিহু বৃহত্তৰ অসমীয়া জাতি-সংস্কৃতিৰ আটাইতকৈ জীৱন্ত উদাহৰণ।’

‘ফাটবিহু অসমত গঢ়ি উঠা অপসংস্কৃতিৰ প্রতিবাদী কণ্ঠ’ বুলি প্রকাশ কৰি তেওঁ কয়, ‘পথাৰৰ, গছতলৰ বিহু এতিয়া মঞ্চ আহি পাইছেহি। অসমত মঞ্চবিহু, সাংস্কৃতিক সন্ধিয়াৰ নামত  অপসংস্কৃতি গঢ় লৈ উঠিছে। এই অপসংস্কৃতিৰ সজোৰ প্ৰতিবাদী কন্ঠই হ’ল ঢকুৱাখনাৰ ফাট বিহু।’

13-05-18 Dhakuakhana- Fato Bihu (9)
দেওবাৰে ঢকুৱাখানাৰ ফাট বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাৰ এটি দৃশ্য। ফটো : ইউ বি

সাংস্কৃতিক শোভাযাত্ৰাত মিচিং,দেউৰী, কোঁচ ৰাজবংশী, সোণোৱাল কছাৰী, তিৱা, নেপালীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শিত হয়। তদুপৰি অসমীয়া গ্ৰাম্য জীৱনৰ কঠীয়া সিঁচা,মাছ ধৰা, বিয়া, চিলাই প্ৰশিক্ষণ, মৃতকৰ সকামকে ধৰি বহু দৃশ্য উপস্থাপন কৰাৰ লগতে সীতা সয়ম্বৰ, শিৱ পাৰ্বতী আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ নামাজ পাঠৰ দৃশ্যও ইয়াত প্ৰদৰ্শিত হয়।

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আৰম্ভ হয় মুকলি বিহু। মুকলি বিহু প্ৰতিযোগিতাত মিচিং, দেউৰী, আহোম, কছাৰী, কোঁচ-ৰাজবংশীকে ধৰি প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ বিহুদলে অংশ লয়। ঢকুৱাখনাৰ ৰাইজৰ বিপুল সমাগমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ তথা বহিঃৰাজ্যৰ  পৰাও বহু  লোক আহি ফাট বিহুৰ বিৰল নান্দনিকতা উপভোগ কৰে।

দেওবাৰে বিয়লি ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰতিদিন টাইমৰ আউটপুট এডিটৰ ৰাজদীপ বাইলুং বৰুৱাই। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংচি আৰু বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহিত্যক ঠংচিয়ে কয়, ‘ফাট বিহুৱে অসমীয়া বিহুৰ ঐতিহ্য,আৰু পৰম্পৰাক ধৰি ৰাখিছে। ফাটবিহুতে আছে ৰঙালী বিহুৰ আচল ৰূপ।’

আনহাতে, মুখ্য অতিথি হিচাপে ভাগ লৈ চিন্তাবিদ ময়ূৰ বৰাই  ফাট বিহু অসমীয়া স্বাভিমানৰ স্বৰ্ণৰেখা বুলি অভিহিত কৰে।