NORTHEAST NOW (Assamese)
উত্তৰ-পূব

জ্ঞানব্যাপী মছজিদৰ ভিতৰত এতিয়াৰ পৰা হিন্দুৱে কৰিব পাৰিব উপাসনা, নিৰ্দেশ আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2024 11:08 am

জ্ঞানব্যাপী মছজিদৰ ভিতৰত হিন্দুসকলক উপাসনা কৰিবলৈ দিয়া হ’ব অনুমতি। বাৰাণসী জিলা আদালতে দিছে এই নিৰ্দেশ। আদালতে জিলা প্ৰশাসনক পূজা আয়োজনত সহায় কৰিবলৈও দিছে নিৰ্দেশ।

বুধবাৰে বাৰাণসী জিলা আদালতত জ্ঞানব্যাপী মন্দিৰৰ বিবাদ সম্পৰ্কীয় গোচৰত হিন্দু পক্ষই লাভ কৰিছিল বিজয়। 

ৰায়দানৰ সময়ত ন্যায়াধীশ এ  কে বিশ্বেশাই কৈছিল যে হিন্দুসকলে মছজিদৰ দক্ষিণ চেলাৰত উপাসনা কৰিব পাৰিব। জিলা দণ্ডাধীশে এই পূজাৰ ব্যৱস্থা কৰিব লাগিব। কাশী বিশ্বনাথ মন্দিৰৰ কৰ্তৃপক্ষই পূজাৰ বাবে পুৰোহিতৰ ব্যৱস্থা কৰিব।

হিন্দু পক্ষৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয়, “আদালতে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। জিলা প্ৰশাসনে এসপ্তাহৰ ভিতৰত পূজাৰ ব্যৱস্থা কৰিব লাগিব। জিলা দণ্ডাধীশে নিৰাপত্তা নিশ্চিত কৰিব লাগিব। এই ৰায়টো ৰাম মন্দিৰ-বাবৰি মছজিদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ দৰে। “

বাৰাণসীৰ জিলা দণ্ডাধীশ এছ ৰাজলিঙ্গমে কয়, “আমি আদালতৰ নিৰ্দেশ পালন কৰিম। চেলাৰৰ নিৰাপত্তা ইতিমধ্যে বৃদ্ধি কৰা হৈছে। “

২৫ জানুৱাৰীত, এএছআইৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে জ্ঞানৱাপী মছজিদ চৌহদত এটা মন্দিৰৰ প্ৰমাণ পোৱা গৈছে। এই প্ৰমাণৰ ওপৰত ভিত্তি কৰিয়েই জ্ঞানব্যাপী মছজিদৰ ভিতৰত হিন্দুসকলক উপাসনাৰ সুবিধা প্ৰদান কৰিছে বাৰাণসীৰ জিলা আদালতে।