NORTHEAST NOW (Assamese)
দেশ

নতুনকৈ দুবিধ ক’ভিদ ভেকচিন আৰু এটা এণ্টিভাইৰেল টেবলেটৰ অনুমোদন জনালে ভাৰতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2021 4:57 pm
COVID vaccine

কেন্দ্ৰীয় চৰকাৰে আজি ক’ভিদৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰাকৈ নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি-ভাইৰেল টেবলেটৰ অনুমোদন জনায়। শেহতীয়া ভেকচিন দুবিধ ক্ৰমে কৰ্বেভাক্স আৰু কভোভাক্স বুলি জানিব পৰা গৈছে। আনহাতে এণ্টি-ভাইৰেল ঔষধ মোলনুপিৰাভিৰ জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিব পাৰি।

স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই আজি ৰাতিপুৱা টুইট কৰি কয় যে কৰ্বেভাক্স হৈছে ভাৰতৰ প্ৰথম ঘৰুৱা RBD প্ৰ’টিন উপ-একক ভেকচিন। এই ভেকচিনবিধ হায়দৰাবাদ স্থিত প্ৰতিষ্ঠান বায়োলজিকেল-E ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।

“এইয়া হেট্ৰিক! কৰ্বেভাক্স এতিয়া ভাৰতত বিকশিত তৃতীয় ভেকছিন।” মান্দাৱিয়াই কয়। ভাৰতত বিকশিত আন দুটা ভেকছিন হৈছে ভাৰত বায়োটেকৰ কভাক্সিন আৰু চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ (এছআইআই) কভিশ্বিল্ড।

কভোভাক্স নামৰ নেনোপার্টিকেল ভেকছিনটো পুনে-ভিত্তিক SII-ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।

এণ্টি-ভাইৰেল ঔষধ মোলনুপিৰাভিৰ ভাৰতত ১৩ টা কোম্পানীৰ দ্বাৰা ক’ভিদ-19 সংক্ৰমিত প্ৰাপ্তবয়স্ক ৰোগীসকলৰ চিকিৎসাৰ বাবে আৰু যিসকলৰ ৰোগ বৃদ্ধি হোৱাৰ অত্যধিক আশংকা আছে তেওঁলোকৰ চিকিৎসাৰ বাবে জৰুৰী পৰিস্থিতিৰ অধীনত সীমিত ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়।

শেহতীয়া অনুমোদনৰ সৈতে মুঠ আঠটা ক’ভিদ-19 ভেকচিনে ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই কেইটা হৈছে — কভিশ্বিল্ড, কভাক্সিন, জাইকোভি-ডি, স্পুটনিক ভি, মডাৰ্ণা, জনছন এণ্ড জনছন, কৰ্বেভাক্স আৰু কভোভাক্স।