NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নৰ্থ ইষ্ট অমেনছ ফ্ৰন্টৰ গণ স্বাক্ষৰ

Posted by: অনিৰ্বাণ পাঠক May 14, 2018 1:28 pm
ATTACHMENT

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে আজি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সমীপত নৰ্থ ইষ্ট অমেনছ ফ্ৰন্টৰ উদ্যোগত চলোৱা হয় এক গণ স্বাক্ষৰ অভিযান।

মুখ্যতঃ বিতৰ্কিত বিধেয়ক বাতিলৰ দাবীত নৰ্থ ইষ্ট অমেনছ ফ্ৰন্টৰ উদ্যোগত উত্তৰ- পূবৰ বিভিন্ন স্থানত স্বাক্ষৰ অভিযান চলায় আছে সংস্থাটোৰ শাখাসমূহে। ৰাজ্যখনৰ পাঁচগৰাকী সচেতন মহিলাৰ উদ্যোগত চলোৱা এই স্বাক্ষৰ অভিযানলৈ ৰাইজে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট অমেনছ ফ্ৰন্টৰ সম্পাদিকাৰ দায়িত্বত আছে মীৰা বৰঠাকুৰ আৰু সভানেত্ৰীৰ দায়িত্বত আছে ৰেখাৰাণী দাস বড়ো।

আনহাতে নৰ্থ ইষ্ট অমেনছ ফ্ৰন্টৰ সদস্যসকলে অহা ১৮ মে’ত দিল্লীলৈ যাব আৰু তাত অনুষ্ঠিত কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক সজাগতা অভিযান।

সংস্থাটোৱে জনসাধাৰণৰ স্বাক্ষৰ গ্ৰহণৰ শেষত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব জেপিচিলৈ।

সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল- সংগঠনে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে জনমত গঠন কৰাৰ বাবে স্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ সময়তে নৰ্থ ইষ্ট অমেনছ ফ্ৰন্টৰ এই তৎপৰতা লক্ষণীয়।