NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০ জন আৰক্ষী; আহত ৬ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2024 11:42 am

পাকিস্তানৰ এখন থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ১০ জন আৰক্ষীৰ লোক নিহত আৰু ৬ জন আহত হৈছে। দেশখনৰ উত্তৰ-পশ্চিম খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ এখন আৰক্ষী থানাত এই আক্ৰমণ আৰু হতাহতৰ ঘটনা সংঘটিত হয়।

পাকিস্তানী তালিবান (টিটিপি নামেৰে পৰিচিত) আৰু চৰকাৰৰ মাজত যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত ২০২২ চনৰ পৰা নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি চলোৱা এনে আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।

বাতৰি মতে, সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ৩ বজাত এই আক্ৰমণ সংঘটিত হয়। উগ্ৰপন্থীয়ে প্ৰথমে স্নাইপাৰ ব্যৱহাৰ কৰি কনিষ্টবলৰ ওপৰত আক্ৰমণ চলায় আৰু তাৰ পিছত থানাত প্ৰৱেশ কৰে।

লগতে পঢ়কঃ Grammys 2024: ফিউজন বেণ্ড শক্তিয়ে লাভ কৰিলে গ্ৰেমীৰ শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম বঁটা

চলিত সপ্তাহৰ শেষৰ ফালে পাকিস্তানত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নিৰ্বাচন। নির্বাচনৰ পূর্বে যোৱা কিছুদিনত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে৷

খাইবাৰ-পাখ্তুনখোৱা প্ৰদেশৰ তত্বাৱধায়ক মুখ্যমন্ত্ৰী ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) আৰ্ছাদ হুছেইন শ্বাহে সোমবাৰৰ এই আক্ৰমণক গৰিহণা দি শোক প্ৰকাশ কৰি এক বিবৃতিত কয় যে খাইবাৰ-পাখতুনখোৱা আৰক্ষীয়ে প্ৰদেশখনৰ শান্তিৰ বাবে “সৰ্বোচ্চ ত্যাগ” স্বীকাৰ কৰিছে আৰু “এনে কাপুৰুষোচিত আক্ৰমণে তেওঁলোকৰ মনোবল ভাঙিব নোৱাৰে।”