NORTHEAST NOW (Assamese)
Popular Stories

লাভ কৰিলে তিনিটাকৈ গ্ৰেমী বঁটা; অনুষ্ঠানৰ পৰাই আৰক্ষীয়ে হেণ্ডকাফ লগাই লৈ গ’ল সংগীতশিল্পীক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2024 1:27 pm

দেওবাৰে নিশা লছ এঞ্জেলছত অনুষ্ঠিত হয় ৬৬ সংখ্যক গ্ৰেমী বঁটাৰ অনুষ্ঠান। কেই মুহূৰ্তৰ ভিতৰতে সফলতাৰ তিনিটা নতুন কৃতী সংযোজন হ’ল। ৰেপ সংগীতজ্ঞ কিলাৰ মাইকে একেৰাহে তিনিটা গ্ৰেমী বঁটা লাভ কৰে।

কিন্তু এই  সফলতাৰ সম্পূৰ্ণ সোৱাদ উপভোগ কৰাৰ আগতে সংগীতশিল্পীগৰাকীক হেণ্ডকাফ পিন্ধা দেখা গ’ল। অনুষ্ঠান চলি থকাৰ সময়তে কিলাৰক হেণ্ডকাফ লগাই লছ এঞ্জেলছ আৰক্ষীয়ে থানালৈ লৈ যায়।

লগতে পঢ়কঃ Grammys 2024: ফিউজন বেণ্ড শক্তিয়ে লাভ কৰিলে গ্ৰেমীৰ শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম বঁটা

স্থানীয় সংবাদ সংস্থাৰ বাতৰি মতে, কিলাৰক কিয় হঠাতে গ্ৰেপ্তাৰ কৰা হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও একো কোৱা নাই। অৱশ্যে ফৰ্বছৰ মতে, গ্ৰেমী অনুষ্ঠানৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

কিলাৰৰ প্ৰকৃত নাম মাইকেল চেণ্টিয়াগো ৰেণ্ডাৰ। পেছাৰ স্বাৰ্থত নাম সলনি কৰিছে সংগীতশিল্পীগৰাকীয়ে। কিলাৰে মাজে মাজে বৰ্ণবাদ আৰু আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে মাত মাতি অহা দেখা যায়।

দেওবাৰে নিশা ‘ছায়েন্টিছ এণ্ড ইঞ্জিনিয়াৰ্ছৰ’ৰ বাবে `বেষ্ট ৰেপ ছং’ আৰু `বেষ্ট ৰেপ পাৰ্ফমেন্স’ শাখাত জয়ী হয় কিলাৰে। ইয়াৰ উপৰিও তেওঁৰ ‘মাইকেল’ এলবামে ‘শ্ৰেষ্ঠ ৰেপ এলবাম’ শাখাত বঁটা লাভ কৰে।