NORTHEAST NOW (Assamese)
অসম

কেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ; পিতৃক চাবলৈ ঘৰলৈ উভতিছে পুত্ৰ প্ৰিন্স হেৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2024 10:47 am

কেন্সাৰ ৰোগত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ। সোমবাৰে এই কথা ঘোষণা কৰে বাকিংহাম পেলেছে। চিকিৎসালয়ত শাৰীৰিক পৰীক্ষাৰ সময়ত ৰজাৰ কেন্সাৰ ৰোগ ধৰা পৰে। তেওঁ চিকিৎসাধীন হৈ আছে। ইয়াৰ ফলত তেওঁ আগন্তুক কেইদিনমানৰ বাবে কামকাজ স্থগিত ৰাখিছে।

বাকিংহাম পেলেছে জনায় যে চাৰ্লছ প্ৰষ্টেটৰ সমস্যাত ভুগি আছিল। শাৰীৰিক পৰীক্ষাৰ সময়ত শৰীৰত কৰ্কট ৰোগ ধৰা পৰে। প্ৰথমতে চাৰ্লছৰ প্ৰষ্টেট কেন্সাৰ হৈছে বুলি ভবা হৈছিল।

কিন্তু ব্ৰিটিছ ৰাজকীয় পৰিয়ালে এক বিবৃতিত কয় যে তেওঁৰ শৰীৰত কৰ্কট ৰোগৰ অৱস্থিতি এটা ‘পৃথক বিষয়’। অৱশ্যে চাৰ্লছ কেনেধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে সেই কথা বিবৃতিটোত কোৱা হোৱা নাই।

লগতে পঢ়কঃ লক্ষ্ণৌৰ কাৰাগাৰত এইচ আই ভি আক্ৰান্ত ৬৩জন কয়দী! কাৰাগাৰৰ স্বাস্থ্য ব্যৱস্থাক লৈ উঠিছে প্ৰশ্ন

বিবিচিৰ সূত্ৰ অনুসৰি ৰজা চাৰ্লছে নিজেই নিজৰ দুই পুত্ৰ উইলিয়াম আৰু হেৰীক এই খবৰ দিছে। ডিউক অৱ ছাচেক্স হেৰীয়েও দেউতাকৰ লগত এই বিষয়ে কথা পাতিছে। তেওঁ আমেৰিকাৰ পৰা ব্ৰিটেইনলৈ আহি আছে পিতৃক চাবলৈ।

ইপিনে, চাৰ্লছৰ অনুপস্থিতিত কোনে ৰাজকাৰ্য চলাব সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষজ্ঞসকলৰ মতে, দেশৰ সংবিধানত এনে পৰিস্থিতিৰ বাবে বিশেষ ব্যৱস্থা আছে। যদি কোনো কাৰণত ৰজা অক্ষম হয় তেন্তে তেওঁৰ ঠাইত সাময়িকভাৱে ‘কাউন্সিলাৰ অফ ষ্টেট’ বা বিশেষ উপদেষ্টাসকলে দায়িত্ব ল’ব।

লগতে পঢ়কঃ কেৰালাত মেকুৰীৰ কেঁচা মাংস খোৱা অৱস্থাত উদ্ধাৰ অসমৰ এজন লোক; প্ৰেৰণ মানসিক চিকিৎসালয়লৈ

উল্লেখ্য যে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত যোৱা মে’ মাহত ৱেষ্টমিনিষ্টাৰ এবেত তৃতীয় চাৰ্লছ আনুষ্ঠানিকভাৱে ব্ৰিটিছ সিংহাসনত আৰোহণ কৰিছিল। মূৰত ‘ছেইণ্ট এডৱাৰ্ডৰ মুকুট’ লৈ ৰাজ অভিষেকৰ ছমাহৰ ভিতৰতে তেওঁৰ দেহত কৰ্কট ৰোগ ধৰা পৰে।